ETV Bharat / state

Journalist attacked in Chirang: চিৰাঙৰ সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ উত্তাল ৰাজ্য

author img

By

Published : Feb 9, 2022, 4:19 PM IST

পুনৰ আক্ৰমণৰ বলি ৰাজ্যৰ সাংবাদিক । চিৰাং জিলাত আৰক্ষীয়ে আক্ৰমণ কৰিলে এগৰাকী সাংবাদিকক (Journalist attacked in Chirang)। এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ । বিভিন্ন সাংবাদিক সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

Journalist attacked in Chirang
চিৰাঙৰ সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ উত্তাল ৰাজ্য

নিউজ ডেস্ক,৯ ফেব্ৰুৱাৰী : চিৰাং জিলাৰ বাসুগাঁওৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত দেবনাথক বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে আৰক্ষীয়ে কৰা প্ৰহাৰৰ (Journalist attacked in Chirang) ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্ন জনে । আক্ৰমণকাৰী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে । বুধবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জাৰ্নেৰ্লিষ্ট এছোচিয়েশ্যন ফ'ৰ আসাম (জাফা)ৰ চিৰাং জিলা সমিতিৰ উদ্যোগত পুৱা দহ বজাৰ পৰা মৌন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ক'লাবেজ পৰিধান কৰি জাফাৰ বিষয়-ববীয়া তথা সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়েও অংশগ্ৰহণ কৰে । বিধায়কগৰাকীয়ে সমগ্ৰ ঘটনাক গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ দাবী জনায় ।

প্ৰতিবাদী কাৰ্যসূচীত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা উপস্থিত হৈ কয় যে ঘটনাৰ লগত জড়িত আৰক্ষী কনিষ্টবল দুজনক আৰক্ষী চাউনি লৈ পঠোৱা হৈছে । জাফাৰ এই প্ৰতিবাদী কাৰ্যসূচী কেইবাটাও সংগঠনেও অংশগ্ৰহণ কৰে ।

Journalist attacked in Chirang
চিৰাঙৰ সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ উত্তাল ৰাজ্য

ইফালে বাক্সা জিলাৰ মুছলপুৰতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মুছলপুৰ দূৰ্গামন্দিৰ প্ৰাংগণত মুছলপুৰ প্ৰেছ ক্লাৱ, বাক্সা জিলা সাংবাদিক সন্থা, বাস্কা প্ৰেছ ক্লাৱৰ বিষয়-ববীয়া আৰু সাংবাদিকসকলে অংশগ্ৰহণ কৰে । সাংবাদিকক প্ৰহাৰ কৰা দোষী আৰক্ষী কনিষ্টবল দুগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায় প্ৰতিবাদকাৰীসকলে । লগতে আহত সাংবাদিক গৰাকীৰ চিকিৎসা প্ৰদানৰো দাবী জনায় ।

সমান্তৰালকৈ মাণিকপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত মাণিকপুৰ প্ৰেছ ক্লাৱেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আক্ৰমণকাৰী আৰক্ষী কেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । লগতে আঘাতপ্ৰাপ্ত সাংবাদিকগৰাকীক আৰ্থিক সাহায্য প্ৰদানৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায় মাণিকপুৰ প্ৰেছ ক্লাৱৰ সদস্যসকলে । প্ৰতিবাদস্থলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ মাণিকপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :চিৰাঙত সাংবাদিকক আৰক্ষীয়ে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.