ৰে’ল বিভাগৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Sep 14, 2021, 9:52 PM IST

Bongaigaon protest against railway privatisation

প্ৰতিবাদত উত্তাল নিউ বঙাইগাঁৱৰ ৰে’ল ষ্টেচন ৷ ৰে’ল বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে নিউ বঙাইগাঁৱত সপ্তাহযোৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে এন এফ ৰে’লৱে এমপ্ল’য়িজ ইউনিয়নৰ লগতে বঙাইগাঁৱৰ কেইবাটাও দল সংগঠনে ৷

চিৰাং, 14 ছেপ্তেম্বৰ : ৰে’ল সেৱাক ব্যাক্তিগতকৰণ কৰাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নিউ বঙাইগাঁৱতো ৰে’ল সেৱাকো ব্যাক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে ৰে’ল কৰ্মচাৰী আৰু নিউ বঙাইগাঁৱৰ কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । আজি অৰ্থাৎ মঙলবাৰৰ পৰা সপ্তাহ জোৰা প্ৰতিবাদী কাৰ্যসূচীৰে আৰম্ভ কৰে বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ ৰে’লৱেৰ এন এফ ৰে’লৱে এমপ্ল’য়িজ ইউনিয়নে ৷

Bongaigaon protest against railway privatisation
ৰে’ল বিভাগৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

ৰে’ল সেৱাক ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে এন এফ ৰে’লৱে এমপ্ল’য়িজ ইউনিয়নে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰে প্ৰতিবাদ । নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত কৰ্মচাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ মোডী চৰকাৰে দেশৰ এটাৰ পাছত আন এটা সম্পত্তি ব্যক্তিগতকৰণ কৰাৰ বাবে লোৱা ব্যৱস্থাক কঠোৰ ভাষাৰে ধিক্কাৰ দিয়ে সংগঠনটোৱে ৷

আনহাতে, ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি(National Pension Scheme) ৰ পৰিৱৰ্তে OPS(Old Pension Scheme) প্ৰযোজ্য কৰাৰো দাবী কৰে এমপ্ল’য়িজ ইউনিয়নে । প্ৰতিবাদকাৰীসকলে ৰে’ল বিভাগ মোডীয়ে গঢ়া নাই, সেয়ে ইয়াৰ ব্যক্তিগতকৰণৰ অধিকাৰ নাই বুলি সমালোচনা কৰে ৷

মোডী চৰকাৰে ইতিমধ্যে চাৰিখন ৰে’ল আদানি-আম্বানিক চমজালে ৷ এইবাৰ চৰকাৰে প্লেটফৰ্ম, তেল, বিমান আদি সকলো দিশতে চকু দিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকে লগতে মোডী চৰকাৰে কেৱল সম্পদ বিক্ৰী কৰাৰ লক্ষ্য কৰি লৈছে বুলি চৰকাৰক সমালোচনা কৰি এইখন চৰকাৰৰ কাৰ্য-কলাপত ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত নহয় ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক: লখিমপুৰত ৰে’লৱে এমপ্ল’য়িজ ইউনিয়নৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.