লখিমপুৰত ৰে’লৱে এমপ্ল’য়িজ ইউনিয়নৰ প্ৰতিবাদ

author img

By

Published : Sep 14, 2021, 1:26 PM IST

Lakhimpur Railway Station

ৰে’ল বিভাগক ব্যক্তিগতকৰণৰ বাবে মোডী চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দেশৰ বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতা ৷ যাত্ৰীক উৎকৃষ্ট মানদণ্ডৰ সেৱা প্ৰদান আৰু ভাৰতীয় ৰে’লক আধুনিক ৰূপত গঢ় দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত ৷

লখিমপুৰ, 14 ছেপ্তেম্বৰ : ৰে’লসেৱাক ব্যক্তিগতকৰণ কৰাৰ বাবে মোডী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লখিমপুৰ ৰে’ল ষ্টেচনৰ কৰ্মচাৰীসকল ৷ মোডী চৰকাৰৰ এই একপক্ষীয় সিদ্ধান্তৰ বিৰোধিতা কৰি সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰে’লৱে এমপ্ল’য়িজ ইউনিয়নৰ লখিমপুৰ শাখাই ।

Lakhimpur Railway Station
লখিমপুৰ ৰে’ল ষ্টেচন

লখিমপুৰ ৰে’ল ষ্টেচনত কৰ্মচাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ মোডী চৰকাৰে দেশৰ এটাৰ পাছত আন এটা সম্পত্তি ব্যক্তিগতকৰণ কৰাৰ বাবে লোৱা ব্যৱস্থাক কঠোৰ ভাষাৰে ধিক্কাৰ দিয়ে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীসকলে ৰে’ল বিভাগ মোডীয়ে গঢ়া নাই, সেয়ে ইয়াৰ ব্যক্তিগতকৰণৰ অধিকাৰ নাই বুলি সমালোচনা কৰে ৷

মোডী চৰকাৰে ইতিমধ্যে চাৰিখন ৰে’ল আদানি-আম্বানিক চমজালে ৷ এইবাৰ চৰকাৰে প্লেটফৰ্ম, তেল, বিমান আদি সকলো দিশতে চকু দিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকে লগতে মোডী চৰকাৰে কেৱল সম্পদ বিক্ৰী কৰাৰ লক্ষ্য কৰি লৈছে বুলি চৰকাৰক সমালোচনা কৰি এইখন চৰকাৰৰ কাৰ্য-কলাপত ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত নহয় ক্ষোভ প্ৰকাশ কৰে ।

Lakhimpur Railway Station
লখিমপুৰ ৰে’ল ষ্টেচন

এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰখনৰ বিৰুদ্ধে চৰম ক্ষোভ প্ৰকাশ কৰে ৰে’লৱে এম’প্লয়িজ ইউনিয়নৰ লখিমপুৰ শাখাই । তেওঁলোকে দেশৰ ৰে’লৱে খণ্ডক ব্যক্তিগত খণ্ডলৈ নিয়াৰ চৰকাৰী প্ৰচেষ্টা বন্ধ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুমকি প্ৰদান কৰে ৷

লগতে পঢ়ক : তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.