কাজলগাঁৱত প্ৰাইজমানি মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

author img

By

Published : Sep 3, 2021, 2:59 PM IST

prize-money-mini-marathon-race-competition

শুকুৰবাৰে ‘স্প’ৰ্টছ পেঞ্চন ডে’(Sports Pension Day) আৰু অভিৰুচি ক্ৰীড়া দিৱসৰ(Abhiruchi Sports Day) লগত সংগতি ৰাখি চিৰাঙৰ কাজলগাঁৱত আয়োজন কৰা হয় প্ৰাইজমানি মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা(Marathon) ৷ জিলাখনৰ শতাধিক উদীয়মান খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই মাৰাথনত ৷

চিৰাং, 3 ছেপ্তেম্বৰ: চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত শুকুৰবাৰে ‘স্প’ৰ্টছ পেঞ্চন ডে’(Sports Pension Day) আৰু অভিৰুচি ক্ৰীড়া দিৱসৰ(Abhiruchi Sports Day) লগত সংগতি ৰাখি কাজলগাঁৱত প্ৰাইজমানি মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ(Marathon) আয়োজন কৰা হয় ।

prize-money-mini-marathon-race-competition
মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

জিলাখনৰ বিভিন্ন অঞ্চলৰ শতাধিক উদীয়মান খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ মুকলি কৰে বিটিআৰৰ(BTR) কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । ৰাজ্যৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে এই দিনটো এক নতুন আৰম্ভণি বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিটিআৰৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

prize-money-mini-marathon-race-competition
মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাত উপস্থিত থাকে জিলা ক্ৰীড়া বিষয়া তথা বিটিআৰৰ মুৰব্বী ক্ৰীড়া বিষয়া যজ্ঞৱতী ব্ৰহ্ম ৷ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা সন্দৰ্ভত তেওঁ কয়, ‘‘এই দিনটো আমাৰ কাৰণে এটা বিশেষ দিন ৷ ইমান দিনে ক’ভিডৰ(Covid) বাবে স্তব্ধ হৈ পৰা ক্ৰীড়া জগত পুনৰ সক্ৰিয় হোৱাৰ দিশে আগবাঢ়িছে’’ ।

মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

তদুপৰি ক্ৰীড়া জগতৰ সৈতে জড়িত লোকসকলৰ ভবিষ্যৎ জীৱনৰ কথা চিন্তা কৰি চৰকাৰে যি পেঞ্চন নীতি ঘোষণা কৰিছে, সেয়া সঁচাকৈয়ে এক সুখবৰ বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.