ETV Bharat / state

COVID-19: নিউ বঙাইগাঁৱ ৰে'লৱে ৱৰ্কশ্বপৰ সকলো কাম-কাজ বন্ধ

author img

By

Published : May 1, 2020, 8:21 PM IST

শুকুৰবাৰে নিউ বঙাইগাৱঁৰ ৰে'লৱে ৱৰ্কশ্বপৰ 22 গৰাকী কৰ্মচাৰীক হোম কোৱাৰান্টাইনত থকাৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষৰ । ৱৰ্কশ্বপত কৰ্মৰত এজন কৰ্মচাৰীৰ মাতৃৰ দেহত COVID-19 ৰ উপস্থিতি ধৰা পৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰে কৰ্তৃপক্ষই ।

COVID-19
COVID-19: বন্ধ নিউ বঙাইগাৱঁৰ ৰে'লৱে ৱৰ্কশ্বপৰ সকলো কাম-কাজ

চিৰাং, ১ মে': বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ ৰে'লৱে ৱৰ্কশ্বপৰ 22 গৰাকী কৰ্মচাৰীক হোম কোৱাইন্টাইত থকাৰ নিৰ্দেশ ৷ ৱৰ্কশ্বপত কৰ্মৰত এজন কৰ্মচাৰীৰ মাতৃৰ দেহত COVID-19 ৰ উপস্থিতি ধৰা পৰাৰ পাচতে বন্ধ কৰি দিয়া হয় ৱৰ্কশ্বপৰ সকলো কাম-কাজ । বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰে এই নিৰ্দেশ ।

COVID-19
COVID-19: বন্ধ নিউ বঙাইগাৱঁৰ ৰে'লৱে ৱৰ্কশ্বপৰ সকলো কাম-কাজ

উল্লেখ্য যে, মহামাৰী COVID-19 ত আক্ৰান্ত বঙাইগাঁৱৰ পৰিয়ালটোৰ কোনো সদস্যই বহিঃৰাজ্য ভ্ৰমণ কৰাৰ পাচতে মহিলা গৰাকীৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । সেয়ে মহিলা গৰাকীৰ পুত্ৰই কৰ্মৰত বঙাইগাঁৱৰ ৰে'লৱে ৱৰ্কশ্বপৰ সকলো কাম-কাজ বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে 22 গৰাকী কৰ্মচাৰীক হোম কোৱাৰান্টাইনত থকাৰ নিৰ্দেশ জাৰি কৰে ৷ তাৰোপৰি জিলাখনৰ বিভিন্ন অঞ্চলো ছীল কৰে বঙাইগাঁও জিলা প্ৰশাসনে ।

COVID-19
COVID-19: বন্ধ নিউ বঙাইগাৱঁৰ ৰে'লৱে ৱৰ্কশ্বপৰ সকলো কাম-কাজ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.