ETV Bharat / state

সংখ্যালঘু প্ৰাৰ্থী নিদিয়াত ক্ষোভ: নিৰ্দলীয়ভাৱে যুঁজাৰ সংকল্প

author img

By

Published : Mar 17, 2021, 3:56 PM IST

minority candidate to contest independently from bijni lac of chirang
সংখ্যালঘু প্ৰাৰ্থী নিদিয়াত ক্ষোভ : বিজনীৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দীতাৰ সিদ্ধান্ত

বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰ থকাৰ পাছতো কোনো ৰাজনৈতিক দলে বিজনী সমষ্টিৰ পৰা কোনো সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত ক্ষোভ প্ৰকাশ নুৰ ইছলাম নামৰ এজন লোকৰ ৷ ক্ষুব্ধ নুৰে সিদ্ধান্ত লৈছে বিজনী সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ৷

চিৰাং,17 মাৰ্চ: চিৰাঙৰ বিজনী সমষ্টিত বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰ থকাৰ পাছতো কোনো দলে সংখ্যালঘু প্ৰাৰ্থী প্ৰদান নকৰাত ক্ষোভিত হৈ নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে বিজনীৰ এজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ৷ কোনো ৰাজনৈতিক দলে সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত আলুখুন্দা বৌপাৰাৰ বাসিন্দা নুৰ ইছলাম নামৰ লোকজনে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে ৷

বিজনীত অব্যাহত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত

নুৰে ইছলামে কয় যে, "মই কোনো দলৰ নেতা বা মন্ত্ৰীৰ পুত্ৰ নহয় ৷ বিজনী সমষ্টিত প্ৰায় 33,000 সংখ্যালঘু ভোটাৰ থকাৰ পাছতো কোনো দলেই সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে যে, "আমাক চাচা-মামাৰ ভোট নালাগে ৷ মিঞাৰ ভোট নালাগে" ৷ তেওঁ লগতে এইবুলিও কয় যে, "কোনো দলেই সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত এই কথাই প্ৰমাণ হয় যে, কোনো ৰাজনৈতিক দলক সংখ্যালঘুৰ ভোট নালাগে ৷ সেয়েহে মই প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বাধ্য হৈছো" সমষ্টিৰ সংখ্যালঘু ৰাইজে ভোট দি তেওঁক বিজয়ী কৰিব বুলিও ইছলামে মন্তব্য কৰে ৷

লগতে পঢ়ক: ৰঙিয়াৰ প্ৰাৰ্থী দেবব্ৰত কলিতাৰ মনোনয়ন প্ৰত‍্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.