ETV Bharat / state

চিৰাঙত আৰক্ষীৰ জালত তীৰ খেলৰ এজেন্ট

author img

By

Published : Oct 26, 2020, 8:14 PM IST

চিৰাঙৰ বিজনী পানবাৰীত তীৰ,জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ পানবাৰী আৰক্ষীৰ জালত তীৰ খেলৰ এজেন্ট ৷

চিৰাঙত অসামাজিক কাৰ্যকলাপ
চিৰাঙত আৰক্ষীৰ জালত তীৰ খেলৰ এজেন্ট

চিৰাং, 26 অক্টোবৰ: চিৰাং জিলাৰ পানবাৰী থানাৰ আৰক্ষীয়ে অভিযান চলাই বগিদ্বাৰা গাঁৱৰ পৰা তীৰ খেলৰ এজন এজেন্টক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা তীৰ খেলৰ এজেন্টজন বগিদ্বাৰা গাঁৱৰ নাজিৰুল ইছলাম (19) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ গ্ৰেপ্তাৰ হোৱা নাজিৰুলৰ পৰা আৰক্ষীয়ে এটা মোবাইল জব্দ কৰে ৷ পানবাৰী থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডাবিধিৰ জুৱাখেল প্ৰতিৰোধী আইনৰ 14 নং অনুচ্ছেদ অনুসৰি 175/20 নম্বৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ৷

বৰ্তমান জুৱা খেলুৱৈয়ে বিভিন্ন পন্থাৰে অবৈধভাৱে জুৱা খেল অব্যাহত ৰাখিছে৷ দীৰ্ঘদিনৰ পৰাই জিলাখনৰ ভিতৰুৱা গ্ৰামাঞ্চলত তীৰ খেলৰ জৰিয়তে সাধাৰণ দৰিদ্ৰ কৃষকক লুণ্ঠন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰোপৰি,বিজনী মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত অবৈধভাৱে অবাধ জুৱা খেলৰ ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

জানিব পৰা মতে, পানবাৰী থানাৰ অন্তৰ্গত পালেংবাৰী, গৰাইমাৰী, আলুখুন্দা, পানবাৰী, ফেঞ্চি বজাৰ, ছুইচগেট, 1, 2 নং বিষ্ণুপুৰ বজাৰ আদি বিভিন্ন অঞ্চলত এতিয়াও বহু তীৰ খেলৰ এজেন্ট সক্ৰিয় হৈ আছে আৰু আৰক্ষীয়ে পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ বিজনী পানবাৰী অঞ্চলৰ কেইবাজনো তীৰ মাফিয়াৰ নেতৃত্বত বিভিন্ন ঠাইত তীৰ আৰু আইপিএলৰ নামত খেলৰ এক বৃহৎ নেটৱৰ্কে দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত লুণ্ঠন চলাই অহাৰ কথা আৰক্ষীক জনাইছিল বিভিন্ন সামাজিক সংস্থাই ৷ কিন্তু ইমানৰ পাচতো তীৰখেলৰ ৰমৰমীয়া ব্যৱসায় চলি আছিল । যোৱা 7 তাৰিখে পানবাৰী আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ পঠাই দিয়াৰ পিছত আজি পুনৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : মিঞা সংগ্ৰহালয় প্ৰসংগত মুখ খুলিছে দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.