ETV Bharat / state

বুলেটৰ পৰা বেলট লৈ বি আৰ ফেৰেংগা

author img

By

Published : Dec 10, 2020, 6:11 PM IST

প্ৰাক্তন এন ডি এফ বি নেতা বি আৰ ফেৰেংগাই বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে নেতা গৰাকীয়ে ৷

former-ndfb-leader-br-farengai-contests-btc-elections
বুলেটৰ পৰা বেলটলৈ প্ৰাক্তন এন ডি এফ বি নেতা বি আৰ ফেৰেঙ্গা

চিৰাং, 10 ডিচেম্বৰ : বুলেটৰ পৰা বেলটলৈ চিৰাঙৰ প্ৰাক্তন এন ডি এফ বি নেতা বি আৰ ফেৰেংগা ৷ চিৰাং জিলাৰ 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা ইউ পি পি এল দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে নেতা গৰাকীয়ে ৷

উল্লেখ্য যে, 2013 চনত এন ডি এফ বিত যোগদান কৰি চলিত বৰ্ষৰ 27 জানুৱাৰীৰ আগলৈ এন ডি এফ বি (ছা) ৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল বি আৰ ফেৰেংগাই । কিন্তু বিটিআৰ শান্তি চুক্তিৰ জৰিয়তে মুকলি আকাশৰ তললৈ অহা নেতা গৰাকীয়ে ৰঞ্জিত বসুমতাৰীৰ নাম লৈ 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ এন ডি এফ বিথ যোগদান কৰাৰ পূৰ্বে নেতা গৰাকীয়ে জিলাখনৰ বেঙতল কলেজৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

বুলেটৰ পৰা বেলটলৈ প্ৰাক্তন এন ডি এফ বি নেতা বি আৰ ফেৰেঙ্গা

উল্লেখ্য যে, এন ডি এফ বিৰ সভাপতি বি ছাউৰাইগ্ৰা (চাইকং বসুমতাৰী) য়েও বি পি এফ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা আগবঢ়াইছে 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ পৰা ।

লগতে পঢ়ক : জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.