ETV Bharat / state

চিৰাঙত ড্ৰাগছ, নগদ ধনসহ আৰক্ষীৰ জালত অভিযুক্ত

author img

By

Published : Oct 12, 2020, 10:00 PM IST

আৰক্ষীৰ জালত অভিযুক্ত
আৰক্ষীৰ জালত অভিযুক্ত

চিৰাঙৰ বৰতালোৱাস্থিত জামে মছজিদৰ সন্মুখৰ পথত আৰক্ষীয়ে সন্ধিয়া প্ৰায় 5:30 বজাত অভিযান চলাই ২০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, নগদ ধনসহ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

চিৰাং, 12 অক্টোবৰ: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত আৰক্ষীয়ে অভিযান চলাই সন্ধিয়া প্ৰায় 5:30 বজাত, জামে মছজিদৰ সন্মুখৰ পথৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ধন জব্দ কৰে ৷ জিলাখনৰ ছাতিপুৰ গাঁৱৰ হাইদৰ আলী (25) নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে সামগ্ৰীখিনি ৷

চিৰাঙত ড্ৰাগছ, নগদ ধনসহ আৰক্ষীৰ জালত অভিযুক্ত
চিৰাঙত ড্ৰাগছ, নগদ ধনসহ আৰক্ষীৰ জালত অভিযুক্ত

চিৰাং জিলা সদৰ আৰক্ষী থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানটোত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাও উপস্থিত থাকে ৷ যোৱা 8 অক্টোবৰতো ছাতিপুৰ গাঁৱৰ পৰা বুজন পৰিমানৰ নিচাজাতীয় সামগ্ৰীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক: ৰে’ল কৰ্মচাৰীৰ বাসগৃহত উদ্ধাৰ 15 লক্ষাধিক নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.