চিৰাঙত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিৰ চেক প্ৰদান

author img

By

Published : Dec 30, 2021, 10:30 AM IST

assam-government-distributes-cheque-to-micro-finance-loan-waiver-scheme-in-chirang

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাৰ অনাদায় ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে (Assam Government on Micro finance loan) ৷ মঙলবাৰে চিৰাঙত এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে (Finance Minister Ajanta Neog at Chirang) ৷

চিৰাং, 30 ডিচেম্বৰ : মঙলবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত জিলা পেৰেড গ্ৰাউণ্ডত 'অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি' (Assam Micro Finance Incentive and Relief Scheme 2021) ৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ বিত্ত বিভাগ আৰু চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog at Chirang) ৷

এই চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনত জিকিলে মহিলাসকলৰ ঋণ ৰেহাই কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰ গঠনৰ পাছতে কেবিনেট সিদ্ধান্ত অনুসৰি এই কাৰ্যসূচী হাতত লোৱা হয় ৷ ইতিমধ্যে মহিলাসকলক ঋণ ৰেহাই দিবৰ বাবে চৰকাৰে প্ৰায় 7,500 কোটি টকা ধাৰ্য কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

assam-government-distributes-cheque-to-micro-finance-loan-waiver-scheme-in-chirang
চিৰাঙত মাইক্ৰ’ ফাইনেঞ্চ ঋণ ৰেহাই আঁচনিৰ চেক প্ৰদান

এই অনুষ্ঠানত জিলাখনৰ মুঠ 10,472 গৰাকী মহিলাক পৰ্যায়ক্ৰমে চেক বিতৰণ কৰা হ'ব । তাৰ মাজৰ প্ৰায় 11 গৰাকী ঋণগ্ৰস্ত মহিলাক এই অনুষ্ঠানত চেক প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে (Assam government distributes cheque to micro finance loan waiver scheme in Chirang) ৷ বিত্ত মন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ আৰ্থিক সহায়ৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনিখন স্বাধীনতাৰ পাছতে এক বৃহৎ আঁচনি বুলি মন্তব্য প্ৰকাশ কৰে ৷ অসমত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই ঋণ মেলাৰ 6 খন জিলাত প্ৰায় 18 কোটি 72 লাখ টকাৰ চেক বিতৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে মন্ত্ৰী নেওগে ৷

উল্লেখ্য যে, বিগত 28 নৱেম্বৰৰ পৰাই অসমৰ বিভিন্ন জিলাত পৰ্যায় ক্ৰমে মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ গ্ৰহণ কৰা মহিলাসকলক সকাহ দিবলৈ অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰি থকা হৈছে (Assam Government on Micro finance loan) ।

লগতে পঢ়ক : দুলীয়াজানত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন

এই অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সমাজ পৰিৱৰ্তনৰ বাবে জানুৱাৰী মাহৰ পৰা ভিচিডিচি ভিত্তিত মাদাৰছ ক্লাৱ গঠন কৰাৰ কথা ব্যক্ত কৰে ৷

ইয়াৰোপৰি এই চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী আদি ৷ দুয়োগৰাকী জন প্ৰতিনিধিয়ে দৰিদ্ৰ মহিলাসকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ পৰা সকাহ দিবলৈ মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : সপৰিয়ালে ঋষিকেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.