ETV Bharat / state

বিটিআৰ চৰকাৰৰ তিনিবছৰ: এয়া এক ডাঙৰ ৰাজনৈতিক সফলতা: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 8:02 PM IST

3rd Anniversary of the Govt of BTR
বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

3rd Anniversary of the Govt of BTR : বিজনীত বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বিটিআৰত সম্পূৰ্ণ শান্তি উভতি আহিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্যমন্ত্ৰী

চিৰাং, 20 ডিচেম্বৰ : "আজি এক প্ৰাপ্তি আৰু আনন্দৰ দিন ৷ এয়া এক ডাঙৰ ৰাজনৈতিক সফলতা ৷ বিটিআৰত আজি সম্পূৰ্ণ শান্তি ঘূৰি আহিছে ৷" প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বুধবাৰে চিৰাং জিলাৰ বিজনীত বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰায় 20 হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তিনিগৰাকী মন্ত্ৰীৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিটিআৰত সম্পূৰ্ণ শান্তি উভতি আহিছে ৷ বিটিআৰ চুক্তিৰ সফল ৰূপায়ণ হৈছে ৷ বড়ো-অনা বড়ো ৰাইজৰ মাজত এক স্থায়ী সমন্বয়ৰ এনাজৰী স্থাপন হৈছে ৷

ইফালে 2024ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এল আৰু বিজেপি দলে যুটীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ বিটিআৰত দুখন আসন আছে, দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ ৷ ইউ পি পি এল আৰু বিজেপি দলে দুয়োখন আসন নিজৰ মাজত ভগাই ল’ব আৰু একেলগে নিৰ্বাচন খেলিব বুলি কয় তেওঁ ৷ আনহাতে যি দলে টিকট লাভ কৰিব সেই দলে প্ৰাৰ্থী ঘোষণা কৰিব বুলিও কয় ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, বিগত তিনি বছৰত বিটিআৰত ভাবিব নোৱৰা পৰিৱৰ্তন হৈছে ৷ এতিয়া বিটিআৰ চৰকাৰে চুপাৰ ফিফটি কৰিছে, ডুৰাণ্ড কাপ হৈছে, এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, কোনো ৰাজনৈতিক হত্যা হোৱা নাই ৷ পূৰ্বৰ চৰকাৰৰ দিনত বিটিআৰত বছৰত কোনোৱা এটা হ’লেও ৰাজনৈতিক হত্যা হয়, সাম্প্ৰদায়িক সংঘৰ্ষ হয় লগতে মানুহৰ বাক স্বাধীনতা নোহোৱা হৈ গৈছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷ তেওঁ আৰু কয় যে, বিটিআৰত 72,000 লোকক 3 বছৰত ভূমি পট্টা দিয়া হৈছে ৷ বিটিআৰৰ বিভিন্ন প্ৰান্তত এহেজাৰ কোটি টকাৰ পথ নিৰ্মাণ কৰা হৈছে ৷ বিটিআৰৰ 1,7000 দৰিদ্ৰ লোকক পকী ঘৰ দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰিও মন্ত্ৰী অশোক সিংহল, ইউ জি ব্ৰহ্মৰ লগতে কেইবাজনো বিধায়ক, বিটিআৰৰ কাৰ্যবাহী সদস্য,পাৰিষদ, জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : গেৰেজৰ পুৰণি গাড়ীৰ দৰে বিজেপিত পুৰণি নেতাৰ সমাদৰ নাই: উদয় শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.