ETV Bharat / state

গেৰেজৰ পুৰণি গাড়ীৰ দৰে বিজেপিত পুৰণি নেতাৰ সমাদৰ নাই: উদয় শংকৰ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:18 PM IST

কংগ্ৰেছত ভৰি থৈয়েই বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনামুখৰ হৈ পৰিছে উদয় শংকৰ হাজৰিকা ৷ বৰ্তমান বিজেপিত প্ৰবীণ নেতাৰ কোনো কদৰ নাই বুলি খেদ প্ৰকাশ কৰে হাজৰিকাই ৷

Uday Shankar Hazarika starts to slams BJP
Congress joining program in Guwahati

বিজেপি এৰিলে উদয় শংকৰ হাজৰিকাই

গুৱাহাটী, ২০ ডিচেম্বৰ: ‘‘বিজেপিত এতিয়া পূৰ্বৰ সেই আদৰ্শ নাই আৰু বিজেপিৰ প্ৰকৃত পুৰণি মানুহখিনি এতিয়া বিজেপিৰ সেই ঘৰটোত নাই । সেই ঘৰটোত এতিয়া বিজেপিৰ চাইনব'ৰ্ডখন লাগি আছে যদিও মানুহখিনি বেলেগ । পুৰণি আদৰ্শৰ মানুহ এতিয়া বিজেপিত নাই । তেওঁলোক সকলো এতিয়া ঘৰত বহি আছে ।’’ এই মন্তব্য বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকাৰ ।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত বিজেপি হৈ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলটোৰ জ্যেষ্ঠ নেতা উদয় শংকৰ হাজৰিকাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কিছু ক্ষোভ ব্যক্ত কৰে ৷

হাজৰিকাই কয়, ‘‘শাসনলৈ অহাৰ ক্ষমতা নথকা অৱস্থাতেই বিজেপি দলত বহু সপোন লৈ যোগদান কৰিছিলো । অটল বিহাৰী বাজপেয়ী আৰু এল কে আদৱানীৰ দৰে আদৰ্শবাদী লোক থকাৰ সময়ত আমি যোগদান কৰিছিলো । কিন্তু এতিয়া দলটোত সেই আদৰ্শ নাই ।’’

মাটি-মানুহৰ প্ৰতি থকা দায়িত্বৰ পৰা কোনেও আঁতৰত ৰাখিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছক বিকল্প দল হিচাপে চিনাক্ত কৰি সপোন লৈ কংগ্ৰেছত যোগদান কৰিছে । কংগ্ৰেছে সোঁতৰ বিপৰীতে গৈ যুঁজ আৰম্ভ কৰিছে বুলি মন্তব্য কৰি বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ কি বিকাশ হৈছে সেয়া সকলোৱে দেখিছে বুলি হাজৰিকাই কয় ।

কংগ্ৰেছত যোগ দিয়েই বিজেপিৰ বিৰুদ্ধে বহুকেইটা অভিযোগ তুলিলে হাজৰিকাই ৷ তেওঁ কয় যে সংস্থাপন নাপাই অসমৰ ল'ৰাই বাহিৰত গৈ কাম কৰিব লগা হৈছে । অসমখন খালী হৈ পৰিলে কেনেকৈ বিকাশ হ'ব ? অসমৰ ল'ৰা বাহিৰত গৈ ৰে'ল পথত মৃত্যু হ'ব লগীয়া হৈছে । এইবোৰ কথা চিন্তা কৰি ৰাজ্যখনৰ স্বাৰ্থত কংগ্ৰেছত যোগদান কৰা বুলি সদৰী কৰে হাজৰিকাই ৷

তেওঁ লগতে কয় যে গেৰেজৰ পুৰণি গাড়ী কোনেও নচলোৱাৰ দৰে বিজেপিত পুৰণি নেতাৰ সমাদৰ নাই । ইফালে কংগ্ৰেছত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা সন্দৰ্ভত তেওঁ কয় যে আবেদন কৰাটো এটা পৰম্পৰা । দলে যি দায়িত্ব দিব তাকেই তেওঁ পালন কৰিব । বিজেপিত তেওঁ টিকট বিচৰা নাই বুলি উল্লেখ কৰি গেৰুৱা দলটোত ২৬ বছৰ সেৱা আগবঢ়োৱা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: কংগ্ৰেছত যোগদান বিজেপিৰ জ্যেষ্ঠ নেতা উদয় শংকৰ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.