ETV Bharat / state

চিৰাঙত ইউপিপিএলৰ বিজয়ত আনন্দৰ বন্যা

author img

By

Published : May 3, 2021, 12:54 PM IST

চিৰাঙত বিজয় খিতাপ দখল ইউপিপিএল দলৰ ৷ যাৰ বাবে চিৰাঙত এতিয়া বৈছে এক আনন্দৰ বন্যা ৷

চিৰাঙত জয় ইউপিপিএলৰ
চিৰাঙত জয় ইউপিপিএলৰ

চিৰাং, 3 মে’: চিৰাঙৰ ৩১নং চিদলী জনজাতি সংৰক্ষিত বিধানসভা সমষ্ঠিত মন্ত্ৰী চন্দন ব্ৰহ্মক পৰাজিত কৰি ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ বসুমতাৰীয়ে জয়ী হ’বলৈ সক্ষম হৈছে । উল্লেখ্য যে, এবছুৰ প্ৰাক্তন উপ সভাপতি জয়ন্ত বসুমতাৰী ৰাজনৈতিক পথাৰত ভৰি দিয়েই বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয় ।

চিৰাঙত জয় ইউপিপিএলৰ

ইফালে দেওবাৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিপিএফৰ শক্তিশালি প্ৰাৰ্থী তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক পৰাজিত কৰি জয় লাভ কৰা লৰেন্স ইচলাৰী চিৰাঙত জিলা এবছু কাৰ্য্যালয়ত উপস্থিত হোৱাত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

আনকি, বিটিচিৰ কাৰ্যবাহি সদস্য ৰঞ্জিত বসুমতাৰীয়েও মন্ত্ৰী চন্দন ব্ৰহ্মক পৰাজিত কৰি দখল কৰে বিজয় খিতাপ ৷ যাক লৈ উৎফুল্লিত হৈ পৰিছে বিজয়ী প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীও ৷

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ জয়ত মাজুলীত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.