ETV Bharat / state

বিপিএফ কৰ্মীৰ ইউপিপিএলত যোগদান

author img

By

Published : Oct 28, 2020, 7:36 PM IST

বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান প্ৰাক্তন এমচিএলএ সহ বহু নেতাৰ । নতুন সদস্যসকলক আদৰণি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ ৷

Chirang UPPL joining assam etv bharat news
বিপিএফ কৰ্মীৰ ইউপিপিএলত যোগদান

চিৰাং,28 অক্টোবৰ: চিৰাং জিলাৰ কাশিকত্ৰাস্থিত 13নং চিৰাং পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ দলীয় কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এক সদস্যভৰ্তি সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ বিপিএফৰ দুবাৰকৈ এমচিএলএ হিচাপে নিৰ্বাচিত হোৱা লবেন বসুমতাৰীসহ চিৰাঙৰ বহু কেইজন নেতাই এই সভাতে দলটোত যোগদান কৰে ৷

Chirang UPPL joining assam etv bharat news
বিপিএফ কৰ্মীৰ ইউপিপিএলত যোগদান

ইউপিপিএলত যোগদান কৰি লবেন বসুমতাৰীয়ে কয়, যি নীতি-আদৰ্শকলৈ বিপিএফ দল গঠন কৰা হৈছিল, সেয়া আজি দলটোত অক্ষুণ্ণ নাই ৷ চন্দন-হাগ্ৰামাৰ ক্ষমতাৰ যুঁজত ক্ষতিগ্ৰস্ত হৈছে বিটিচিবাসী ‌। সেয়ে সকলোৱে পৰিৱৰ্তন বিচাৰি ইউপিপিএলত যোগদান কৰিছে ৷ উল্লেখ্য যে, বুধবাৰে জিলাখনৰ 87 গৰাকী বিপিএফ নেতা-কৰ্মীয়ে ইউপিপিএলত যোগদান কৰে ।

Chirang UPPL joining assam etv bharat news
যোগদান সভাত উপস্থিত প্ৰমোদ বড়ো

লগতে চাওকঃ উপাৰ্জনৰ উৎস হৈ পৰিছে পানী মেটেকা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.