ETV Bharat / state

অসমত আন এক নতুন উগ্ৰপন্থী সংগঠনৰ আবিৰ্ভাৱ !

author img

By

Published : Mar 14, 2021, 2:15 PM IST

অসমত জন্ম নতুন উগ্ৰপন্থী সংগঠন
অসমত জন্ম নতুন উগ্ৰপন্থী সংগঠন

আকৌ ৰক্তাক্ত হ'ব নেকি বিটিআৰ ? প্ৰাক্তন এন ডি এফ বি নেতা এম বাথাৰ নেতৃত্বত গঠন হৈছে এনএলএফবি নামৰ এটা নতুন উগ্ৰপন্থী সংগঠনৰ । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰথমটো বিবৃতিৰ জৰিয়তে উগ্ৰপন্থী সংগঠনটোৰ আত্মপ্ৰকাশ । প্ৰাক্তন এনডিএফবি আৰু প্ৰাক্তন বিএলটি সদস্যৰে গঠিত এই উগ্ৰপন্থী সংগঠন ।

চিৰাং, ১৪ মাৰ্চ: যোৱা ১০ মাৰ্চত চিৰাঙত উদ্ধাৰ হোৱা অস্ত্ৰ সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলত চিৰাঙৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে কয় যে এনডিএফবিৰ প্ৰাক্তন নেতা এম বাথাই সংগঠনৰ নাম প্ৰকাশ কৰা নাই যদিও টেলিফোনিক বাৰ্তালাপত ডাবল টাইগাৰ বুলি শুনা গৈছিল । দেওবাৰে সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰে যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বড়োসকলৰ কলা-সংস্কৃতিকে আদি কৰি অস্তিত্বৰ সংকটত ভূগিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । কেবাটাও উগ্ৰপন্থী সংগঠনে জাতীয় স্বাৰ্থত সংগ্ৰাম কৰিছিল যদিও চৰকাৰৰ সৈতে শান্তি চুক্তিৰ জড়িয়তে মূল সুঁতিলৈ ঘূৰি আহে উগ্ৰপন্থী সংগঠনসমূহ । কিন্তু শান্তিৰ পথলৈ আহিও শান্তিত থাকিব নোৱাৰি পুনৰ বড়ো জাতিৰ স্বাৰ্থত আকৌ ২০২০ চনৰ ১২ অক্টোবৰত এনএলএফবি নামেৰে নতুন সংগঠনৰ জন্ম দিয়ে । লগতে প্ৰাক্তন এনডিএফবি আৰু প্ৰাক্তন বিএলটি সদস্যৰে এনএলএফবি নামৰ নতুন উগ্ৰপন্থী সংগঠনটো জন্ম হোৱা বুলি বিবৃতিত প্ৰকাশ কৰে ।

উল্লেখ্য যে, বড়ো শান্তি চুক্তি বিটিআৰৰ জড়িয়তে বিটিআৰ অঞ্চলৰ সকলো উগ্ৰপন্থী সংগঠন নিঃশেষ হৈছিল । বিটিআৰত এক প্ৰকাৰৰ স্থায়ী শান্তি প্ৰতিষ্ঠ হ'ব বুলি আশা কৰা হৈছিল । কিন্ত শেহতীয়াকৈ জানুৱাৰী মাহৰ ৪ তাৰিখৰ পৰা এনডিএফবিৰ প্ৰাক্তন নেতা এম বাথা আত্মগোপন কৰে । আদালতৰ পৰা গ্ৰেপ্তাৰী পৰোৱানা জাৰী হোৱা বাবে আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছিল । এতিয়া সন্দেহ কৰা হৈছে পূৰ্বৰ দৰে আকৌ ৰক্তাক্ত হ'ব নেকি বিটিআৰ ? আকৌ আৰম্ভ হ'ব নেকি অপহৰণ, ধন দাবী, হত্যা আদিৰ দৰে ঘটনা ? বিধান সভা নিৰ্ব্বাচনৰ পূৰ্বে নতুনকৈ গঠিত উগ্ৰপন্থী সংগঠনটোৱে আত্মপ্ৰকাশ কৰাত নিৰাপত্তা বাহিনীৰ নিদ্ৰা হৰণ কৰিছে ।

লগতে পঢ়ক:বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগ উত্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.