ETV Bharat / state

অবৈধ খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Jul 2, 2020, 3:23 PM IST

Chirang illegal khoyer truck seized
অবৈধ খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ

চিৰাঙৰ বিজনীত চোৰাং খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ । গ্ৰেপ্তাৰ চাৰি চোৰাং কাঠ সৰবৰাহকাৰী ৷

চিৰাঙ,2জুলাইঃ চিৰাঙৰ বিজনীত অবৈধ তথা চোৰাং খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ । ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিজনী টোলগেটত জব্দ কৰে অবৈধ খয়েৰ কাঠখিনি। গোপন তথ‍্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বহি:ৰাজ্যলৈ নি থকাৰ অৱস্থাত জব্দ কৰে মূল্যবান খয়েৰ কাঠ ভৰ্তি গাড়ী খন।

Chirang illegal khoyer truck seized
অবৈধ খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ

জব্দ ট্ৰাক গাড়ী খন এইচ আৰ ৫৫-এম-৯০৭৬ নম্বৰৰ। গাড়ীখনৰ সৈতে আটক কৰা হৈছে তিনি জন হাৰিয়ানাৰ ব্যক্তি আৰু এজন চিৰাঙ জিলাৰ বিজনী ভাওৰাগুৰীৰ লোক। আটকাধীন চাৰিজন ক্ৰমে: ধমেন্দ্ৰ, সতিশ কুমাৰ, ৰাজেশ সিং আৰু হুৰমুজ আলী। জব্দ ট্ৰাকখন বিজনী থানাত ৰখাৰ লগতে আটকাধীন লোক কেইজনক আৰক্ষীয়ে জেৰা অব‍্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Chirang illegal khoyer truck seized
অবৈধ খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ
লগতে পঢ়কঃ উন্নয়নৰ প্ৰকৃত ছবি: মিছামাৰীত ৭৫ হাজাৰ টকীয়া বাঁহৰ দলং উদ্বোধন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.