ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 8, 2022, 9:03 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

top-10-at-9-am
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী

আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷

Ranjit Bora Murder Case : ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহৃত বাইক-পিষ্টল জব্দ

গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Purabi Dairy employee Ranjit Bora murdered) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে(Accused arrested in Ranjit Bora murder case) ৷ বুধবাৰে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডত ব্যৱহৃত বাইক, পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয় ৷

Light and sound show: গান্ধী মণ্ডপত মন্ত্ৰীমণ্ডল সমন্বিতে মুখ্যমন্ত্ৰীয়ে উপভোগ কৰিলে লাইট এণ্ড ছাউণ্ড শ্ব’

গান্ধীমণ্ডপত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকৰ পাছতে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীবৰ্গই গান্ধীমণ্ডপ চৌহদতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত পৰিবেশিত পোহৰ আৰু ধ্বনি প্ৰদৰ্শনী (লাইট এণ্ড ছাউণ্ড শ্ব') উপভোগ কৰে (Light and sound show)।

Tinsukia Student leader death: ক্ৰেছাৰ মেচিনত সোমাই প্ৰাক্তন ছাত্ৰনেতাৰ ৰহস্যজনক মৃত্যু

ডিমা হাচাওত ৰহস্যজনক অৱস্থাত মৃত্যু তিনিচুকীয়াৰ আছুৰ প্ৰাক্তন ছাত্ৰনেতাৰ ৷ ক্ৰেছাৰ মেচিনত সোমাই মৃত্যু সদৌ অসম ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ প্ৰাক্তন উপ-সভাপতি অশোক বৰশইকীয়াৰ ৷

Cabinet meeting at Gandhi Mandap: বন্ধ হ’ব গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা

আজি মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হৈ যায় কেবিনেট বৈঠক(Cabinet meeting at Gandhi Mandap) ৷ কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্ধিয়া আয়োজন কৰা সংবাদ মেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM press conference in Gandhi Mandap) ৷

MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

দিল্লী পৌৰ নিগম চতুৰ্থবাৰলৈ দখলৰ বিজেপিৰ সপোন চাৰখাৰ ৷ আম আদমী পাৰ্টীয়ে একক সংখ্যগৰিষ্ঠতাৰে দিল্লী পৌৰ নিগমত নিজৰ আধিপত্য স্থাপন কৰে ৷ 2007 চনৰ পৰাই একেৰাহে তিনিবাৰকৈ দিল্লী পৌৰ নিগম নিজৰ দখলত ৰাখিছিল বিজেপিয়ে ৷

Sonari incident: সতীৰ্থ হত্যাকাৰী দীপক কাকতিৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাৰ চৌহদত মঙলবাৰে পুৱাই সংঘটিত হোৱা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাই (Sonari police thana incident)। কিয়নো সদৰ থানাৰ চৌহদতে আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক । গুলী চালনাত নিহত হৈছিল গকুল বসুমতাৰী নামৰ আৰক্ষীজন । দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী । ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ । ঘটনাৰ পাছতে সতীৰ্থক হত্যা কৰা দীপক কাকতিক গ্ৰেপ্তাৰ কৰে সোণাৰি আৰক্ষীয়ে ।

Literary Pension to Bipul Bhattacharya: যুৱ প্ৰজন্মলৈ কি আহ্বান জনালে সাহিত‍্যিক পেঞ্চনাৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍ই

কলিয়াবৰৰ প্ৰত্নতাত্বিক সমল উদ্ধাৰ আৰু গৱেষণাৰ দিশত প্ৰভূত বৰঙণি যোগোৱা সাহিত‍্যিক বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍লৈ অসম চৰকাৰে আগবঢ়াইছে ২০২২ বৰ্ষৰ সাহিত‍্যিক পেঞ্চন(Literary Pension For 2022-23) । ভট্টাচাৰ্য‍ই লিখি উলিওৱা এঘাৰখন গ্ৰন্থ আৰু চৈধ‍্যখন সম্পাদিত গ্ৰন্থই মূলতঃ কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ লগতে ধৰ্ম আৰু সাহিত‍্য বিষয়ক গৱেষণালব্ধ কৃতিৰে সমৃদ্ধ(Literary Pension to Bipul Bhattacharya ) ।

Student assaulted at Dhing college: ছাত্ৰক আক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত ধিং মহাবিদ্যালয়

ছাত্ৰক আক্ৰমণক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত হৈ পৰে ধিং মহাবিদ্যালয় ৷ মহাবিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰক আক্ৰমণৰ অভিযোগ প্ৰাক্তন ছাত্ৰৰ বিৰুদ্ধে(Student attacked at Dhing College) । প্ৰাক্তন ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় আনচাৰুল নামৰ ছাত্ৰজন ৷ ছাত্ৰজনক গুলীয়াই মাৰি পেলোৱাৰ ভাবুকি দিয়াৰ লগতে মহাবিদ্যালয়খন বন্ধ কৰি দিয়াৰো ভাবুকি দিয়াৰ অভিযোগ প্ৰাক্তন ছাত্ৰজনৰ বিৰুদ্ধে(Student assaulted at Dhing college) ৷

Gujrat assembly election 2022 : বৃহস্পতিবাৰে বহু প্ৰতীক্ষিত গুজৰাট বিধানসভাৰ ভোট গণনা

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা (Gujrat assembly election 2022 counting) । সকলোৰে দৃষ্টি এতিয়া মোদী-শ্বাহৰ গৃহৰাজ্যৰ হাই ভল্টেজ নিৰ্বাচনৰ ফলাফলৰ বাবে । সমগ্ৰ গুজৰাটত ৩৭ টা ভোট গণনা কেন্দ্ৰত গুজৰাট বিধানসভা নিৰ্বাচন ২০২২-ৰ বাবে ৮ ডিচেম্বৰৰ পুৱা ৮ বজাত আৰম্ভ হ'ব ভোট গণনা । ভোট গণনাৰ সবিশেষ জানিবৰ বাবে চাওক আমাৰ এই প্ৰতিবেদন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.