ETV Bharat / state

সাপেখাতী ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

author img

By

Published : Apr 12, 2021, 7:44 PM IST

preparation-for-bihu-at-sapekhati
সাপেখাতী ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী । ৰঙালী বিহুক আদৰিবলৈ এতিয়া ব্যস্ত ৰাজ্যবাসী । পিছপৰি থকা নাই চৰাইদেউ জিলাৰ সাপেখাতীবাসী ।

মৰাণ,12 এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী । ৰঙালী বিহুক আদৰিবলৈ এতিয়া ব্যস্ত ৰাজ্যবাসী । পিছপৰি থকা নাই চৰাইদেউ জিলাৰ সাপেখাতীবাসীও । ১১-১২ বহাগত দুদিনীয়া কাৰ্যসূচীৰে ঊনবিংশতম সাপেখাতী ৰঙালী বিহু সন্মিলনখন উদযাপন কৰা হ’ব ৷

সোমবাৰে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় ৷ উদযাপন সমিতিৰ সম্পাদক নোমল গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত ৰঙালী বিহুৰ লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ স্থায়ী সভাপতি বিমলা প্ৰসাদ ফুকনে ৷

সাপেখাতী ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন

উক্ত অনুষ্ঠানত উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি ড৹ ধ্ৰুৱলোচন নাথ, স্থায়ী সমিতিৰ সম্পাদক কেশৱ গগৈ, মণি ৰাম গগৈ, অৰুণ চেতিয়াৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া ৷

লগতে পঢ়ক: ৰঙালীক আদৰিবলৈ কলিয়াবৰত সাজু হৈছে বিভিন্ন বিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.