ETV Bharat / state

মৰাণত দিব্যাংগ ব্যক্তিক হুইল চেয়াৰ প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Oct 8, 2021, 11:38 AM IST

ll
মৰাণত বিশেষভাৱে সক্ষম ব্যক্তিক হুইল চেয়াৰ প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ

চৰকাৰী অভিলাষী আঁচনিৰ অধীনত মৰাণত বিশেষভাৱে সক্ষম ব্যক্তিৰ মাজত হুইল চেয়াৰ বিতৰণ । বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত মৰাণৰ নাট্য মন্দিৰত এক অনুষ্ঠান আয়োজন কৰা হয় । এই অনুষ্ঠানতে ৰাজহ মন্ত্ৰী যোগেন মহনে দিব্যাংগ ব্যক্তিসকলক হুইল চেয়াৰ প্ৰদান কৰে ।

মৰাণ, ৮ অক্টোবৰ : ৰাজ্য চৰকাৰে বিশেষভাৱে সক্ষম ব্যক্তিৰ সুবিধাৰ্থে গ্ৰহণ কৰিছে অভিলাষী আঁচনি । লগতে এই আঁচনিৰ সুবিধা লাভৰ পৰা যাতে কোনো দিব্যাংগ ব্যক্তি বঞ্চিত নহয়, সেয়া নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী-বিধায়কসকলক নিজ নিজ সমষ্টিত এই বিষয়ত দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে । বৃহস্পতিবাৰে, চৰাইদেউ জিলাৰ সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত মৰাণৰ নাট্য মন্দিৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Minister Jogen Mohan distributed wheel chair among physically challenged person
মৰাণত বিশেষভাৱে সক্ষম ব্যক্তিক হুইল চেয়াৰ প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ

এই অনুষ্ঠানত মাহমৰা সমষ্টিৰ অন্তৰ্গত অঞ্চলৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত হুইল চেয়াৰ বিতৰণ কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । আনহাতে, ভাৰতীয় জনতা পাৰ্টীৰ খোৱাং মণ্ডল আৰু লৰুৱা মণ্ডলৰ সৌজন্যত তথা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সহযোগত মৰাণৰ বিধায়কৰ কাৰ্যালয়ত আন এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত মৰাণ বিধানসভা সমষ্টিৰ দিব্যাংগ হিতাধিকাৰীক ট্ৰাই চাইকেল প্ৰদান কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

Minister Jogen Mohan distributed wheel chair among physically challenged person
মৰাণত বিশেষভাৱে সক্ষম ব্যক্তিক হুইল চেয়াৰ প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ

এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়াসকল আৰু জিলা পৰিষদৰ সদস্য, পঞ্চায়তৰ সভাপতি-সভানেত্ৰীসকল আৰু সমষ্টিৰ ৰাইজ উপস্থিত থাকে । চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি সন্তুষ্টি ব্যক্ত কৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলে ।

লগতে পঢ়ক:সোণাৰিৰ ৰাজপথত জ্বলিল কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.