ETV Bharat / state

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰিবলৈ সাজু সোণাৰিৰ বিশেষ বিদ্যালয়খন

author img

By

Published : Jan 10, 2022, 9:09 PM IST

হঠাৎ চৰ্চাত সোণাৰিৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় (Government school of sonari in limelight) ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ গঢ়ি তোলা হৈছে বিদ্যালয়খন ৷ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আইজিপি ভায়লেট বৰুৱায়ো অধ্যয়ন কৰিছিল বিদ্যালয়খনত ৷

government-primary-school-of-sonari-setting-infrastructural-example
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰিবলৈ সাজু সোণাৰিৰ বিশেষ বিদ্যালয়খন

মৰাণ, 10 জানুৱাৰী : সোণাৰিৰ এখন চৰকাৰী বিদ্যালয় ৷ ৰাজ্যৰ চাৰিওফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আধিপত্য প্ৰতিষ্ঠা কৰাৰ সময়তে এই বিদ্যালয়খনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ১৯১৮ চনতে প্ৰতিষ্ঠিত চৰাইদেউ সোণাৰি নগৰৰ মাজমজিয়াৰ এই বিদ্যালয়খন ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয় ৷ বৰ্তমান ৩০৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰিলেই চকুত পৰে কিছুমান মন পৰশা বাক্য আৰু মধুৰ শব্দৰে দেৱাল লিখন (Government primary school of Sonari setting infrastructural example) ৷

বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণী কোঠাত সজোৱা আছে মহান ব্যক্তি সকলৰ ফটো ৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, সাংস্কৃতিক আৰু মানসিক উত্তৰণৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষকসকলে ৷ বিদ্যালয়খনত নতুনকৈ স্থাপন কৰা হৈছে এটি উন্নত মানৰ কম্পিউটাৰ শ্ৰেণী কোঠা (well equipped government school of Sonari ) আৰু ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ আপতকালীন চিকিৎসাৰ বাবে আৰম্ভ কৰা হৈছে এটা আছুতীয়া চিকিৎসা কক্ষ ৷ লগতে এই আছুতীয়া কোঠাটিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সুবিধাৰ্থে এখন বিচনা, ঔষধ আদিৰ সুবিধা (First aid facility in Government school of Sonari) ৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰিবলৈ সাজু সোণাৰিৰ বিশেষ বিদ্যালয়খন

সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়খনৰ আছে বহু সোণালী ইতিহাস । ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আইজিপি ভায়লেট বৰুৱা(IGP Violet Baruah)ৰ লগতে পদ্মশ্ৰী ইন্দিৰা পি পি বৰুৱা, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভাতৃ প্ৰণোজ পেগুকে ধৰি ৰাজ্যৰ ভালেসংখ্যক প্ৰতিষ্ঠিত লোকে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিল এই বিদ্যালয়ত । সম্প্ৰতি বিদ্যালয়খনৰ এই আটকধুনীয়া পৰিবেশে আকৰ্ষিত কৰিছে সকলোকে ৷

লগতে পঢ়ক : বিধানসভাত যি হ’ল হ’ল, পৌৰসভাৰ বাবে সাজু লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.