ETV Bharat / state

Deprived from PMAY:পকী গৃহত থকাৰ সপোন সপোনেই হৈ ৰ’ব নেকি ?

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 1:03 PM IST

প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত সোণাৰিত ব্যাপক অনিয়ম ৷ গৃহ সম্পূৰ্ণ নকৰাকৈয়ে বেংকৰ ধন আত্মসাৎ । হিতাধিকাৰীৰ একাউণ্টৰ ধন উলিয়াই নিলে মধ্যভোগীয়ে ।

corruption in pmay charaideo sonari people deprived from pmay
প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত অনিয়ম

প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত অনিয়ম

ডিব্ৰুগড়, 8 নৱেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ঘোষণা কৰিছিল দৰিদ্ৰ ৰাইজৰ বাবে ৰূপায়ণ কৰা কোনো আঁচনিত দুৰ্নীতি সংঘটিত কৰিব নোৱাৰিব কোনেও । আনকি দৰিদ্ৰ পৰিয়ালৰ বাবে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণ আঁচনিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টত দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰে । কিন্তু চৰকাৰৰ এই পদক্ষেপক আওকাণ কৰি একাংশই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গৃহ নিৰ্মাণত চলাইছে ব্যাপক দুৰ্নীতি ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ সোণাৰি গাওঁ পঞ্চায়তৰ গোৱালাপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ২০১৯-২০২০ বৰ্ষতে আৱণ্টন পোৱা বহু হিতাধিকাৰীৰ গৃহ আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল । কিয়নো গোৱালাপথাৰৰ কেইবাজনো হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

বাসগৃহ কেইটাৰ এতিয়াও ৩০% কাম বাকী আছে ৷ ঘৰকেইটাৰ ক’ৰবাত মূল প্ৰৱেশ দুৱাৰকেইখনেই নাই ৷ আন ক’ৰবাত প্ৰয়োজনতকৈ কম খিৰিকী লগোৱাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ঘৰ কেইটাৰ ভিতৰত পানী সোমায় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে সোণাৰিৰ ৪ নং ৱাৰ্ডৰ সদস্য বুবুল ওৰাঙে নিজেই নিৰ্মাণ কৰিছিল উক্ত অঞ্চলটোৰ গৃহ আৱণ্টন পোৱা সুকুমনী মুণ্ডা, কঠাল মুণ্ডা, বিপুল মুণ্ডা, যমুনা মুণ্ডা, তুলসী মুণ্ডা আৰু টিকং গুৱালাৰ গৃহ ।

২০১৯-২০ ‌বিত্তীয় বৰ্ষৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰকেইটা বুবুল ওৰাঙে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল । হিতাধিকাৰীৰ বেংকৰ পাচবুক, গৃহ আৱণ্টনৰ নথি, বেংকৰ নথি পত্ৰ আদি আজিলৈকে ওভতাই নিদিলে হিতাধীকাৰীক । দৰিদ্ৰতা আৰু নিৰক্ষৰতা সুযোগ গ্ৰহণ কৰি এইসকল হিতাধিকাৰীক ঠগ প্ৰৱঞ্চনা কৰিছে ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰজনে । কথা হ’ল চৰকাৰে দুৰ্নীতি মুক্ত অসমৰ কথা কৈ থকা সময়ত এইসকল ভুক্তভোগীক ন্যায় দিব কোনে ?

লগতে পঢ়ক : Deprived from PMAY:প্ৰধানমন্ত্ৰী আবাসৰ পৰা বঞ্চিত জোনাইৰ এটি দুখীয়া পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.