ETV Bharat / state

চৰাইদেউ জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম

author img

By

Published : May 8, 2021, 10:28 PM IST

ক'ভিড পৰিস্থিতিৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি ২ বজাৰ লগে লগেই ৰাজ্যত সকলো দোকান,বজাৰ, ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে ৷ বজাৰ বন্ধ হৈ পৰাৰ সুযোগ লৈ ব্যৱসায়ী সকলে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ দাম বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ চৰাইদেউ জিলা প্ৰশাসনে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰি দিছে ৷

charaideo-district-administration-taking-a-good-steps-for-price-rise
চৰাইদেউ জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিলে অত্যাবশ্যকীয় সামগ্ৰীৰ দাম

মৰাণ, 8 মে': ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি হৈ আছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালভাৱে চৰাইদেউ জিলাতো কাল ৰূপ ধাৰণ কৰিছে ক’ভিড-19ৰ সংক্ৰমণে ৷ ক'ভিড পৰিস্থিতিৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি চৰাইদেউ জিলাত ২ বজাৰ লগে লগেই সকলো দোকান,বজাৰ, ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে । বজাৰ বন্ধ হৈ পৰাৰ সুযোগ লৈ ব্যৱসায়ী সকলে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ দাম বৃদ্ধি কৰা বুলি সাধাৰণ ৰাইজে অভিযোগ কৰিছিল ।

charaideo-district-administration-taking-a-good-steps-for-price-rise
চৰাইদেউ জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিলে অত্যাবশ্যকীয় সামগ্ৰীৰ দাম

ইয়াৰ পাছতে ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা প্ৰশাসনে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰি দিছে । সান্ধ্য আইন আৰু বজাৰ বন্ধৰ সুযোগ লৈ যাতে কোনো ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক : বাক্সাত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.