ETV Bharat / state

Assam youth died in Nagaland: নাগালেণ্ডৰ মন জিলাৰ পৰা সোণাৰিলৈ কোনো লোকক যাতায়ত নকৰিবলৈ আহ্বান জিলা আয়ুক্তৰ

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 4:11 PM IST

Updated : Sep 27, 2023, 9:50 PM IST

নাগালেণ্ডৰ মন জিলাৰ পৰা সোণাৰিলৈ কোনো লোকক যাতায়ত নকৰিবলৈ আহ্বান জিলা আয়ুক্তৰ
নাগালেণ্ডৰ মন জিলাৰ পৰা সোণাৰিলৈ কোনো লোকক যাতায়ত নকৰিবলৈ আহ্বান জিলা আয়ুক্তৰ

নাগালেণ্ডত দুই অসমীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ পিচতেই দুয়োখন ৰাজ্যৰ মাজত পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাৰ আশংকা কৰা হৈছে ৷ বুধবাৰে মন জিলাৰ জিলা আয়ুক্তই নাগালেণ্ডৰ মন জিলাৰ পৰা সোণাৰিলৈ কোনো স্থানীয় লোকক যাতায়ত নকৰিবলৈ আহ্বান জনায় এক জাননী জাৰি কৰে ৷

নাগালেণ্ডৰ মন জিলাৰ পৰা সোণাৰিলৈ কোনো লোকক যাতায়ত নকৰিবলৈ আহ্বান জিলা আয়ুক্তৰ

মৰাণ, 27 ছেপ্টেম্বৰ : যোৱা 25 ছেপ্টেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিৰ দুজনকৈ যুৱকৰ অৰ্ধনগ্ন ক্ষত-বিক্ষত মৃতদেহ নাগালেণ্ডৰ আংচেঙীয়াত উদ্ধাৰ কৰাৰ পিচতে ৰাজ্য দুখনৰ মাজৰ সম্পৰ্কত বিভেদ পৰিলক্ষিত হৈছে ৷ যি সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ চাৰি সীমাত থকা অৰুণাচল, নাগালেণ্ডকে ধৰি অন্য ৰাজ্যসমূহৰ মাজত সু-সম্পৰ্ক বজাই ৰাখিবলৈ বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে, তেনে সময়ত নাগালেণ্ডৰ দুজনকৈ অসমীয়া যুৱকক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱা বিষয়টোৱে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই মন জিলাৰ জিলা আয়ুক্তই বুধবাৰে এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰে ৷ জাননীখনত উল্লেখ কৰা অনুসৰি নাগালেণ্ডৰ মন জিলাৰ পৰা সোণাৰিলৈ কোনো স্থানীয় লোকক যাতায়ত নকৰিবলৈ আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে ৷ ইয়াৰ লগতে মন জিলাৰ পৰা সোণাৰি হৈ ডিমাপুৰলৈ চলাচল কৰা যাত্ৰীবাহী বাহনসমূহ সাময়িকভাৱে চলাচল বন্ধ কৰিবলৈ আহ্বান আয়ুক্তগৰাকীয়ে । ইয়াৰো পৰি মন জিলাৰ পৰা ব্যক্তিগত যান-বাহনসমূহ পৰাপক্ষত সোণাৰিলৈ চলাচল নকৰিবলৈ আহ্বান জনায়। দুয়োখন জিলাৰ লোকৰ মাজত কোনোধৰণৰ উত্তেজনামূলক পৰিস্থিতি সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই জাননীখন জাৰি কৰে জিলা আয়ুক্তগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা 22 ছেপ্টেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিৰ পৰা নাগালেণ্ডৰ টবুলৈ দোকানৰ সা-সামগ্ৰী দিবলৈ গৈ 23 ছেপ্টেম্বৰত ঘৰলৈ ঘূৰি অহা পথৰ পৰা সন্ধানহীন হৈ আছিল যুৱক দুজন ৷ পৰিয়ালৰ লোকে যুৱক দুজনৰ সৈতে যোগাযোগ কৰিও কোনো খবৰ লাভ কৰা নাছিল ৷ তাৰ পিচতেই 25 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ ইফালে যুৱক দুজনে লৈ যোৱা গাড়ীখন দুঘৰ্টনাত পতিত হোৱা অৱস্থাত আছিল যদিও মৃতদেহ দুটা অৰ্ধ উলংগ হৈ থকাৰ লগতে ক্ষত বিক্ষত অৱস্তাত উদ্ধাৰ কৰাক এই ঘটনাক হত্যা বুলি দাবী কৰিছিল ৷

এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ নাগালেণ্ডৰ আৰক্ষীক সকলোৱে দাবী জনাইছিল যদিও ৰহস্যজনকভাৱে নাগালেণ্ডৰ মন জিলাৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মঙলবাৰে 26 ছেপ্টেম্বৰৰ বিয়লি মৃতদেহ দুটা সোণাৰি আৰক্ষীক গতাই দিয়া হৈছিল ৷ ইয়াৰ পাচতে যুৱক দুজনৰ পৰিয়ালৰ লগতে সোণাৰিৰ ৰাইজ ক্ষোভিত হৈ পৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সোণাৰি আৰক্ষী ঘটনাস্থলীত হৈ ৰাইজৰ লগতে পৰিয়ালক আশ্বাস দি যুৱকদ্বয়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ব্যৱস্থা কৰা পিচতহে আজি ৰাইজে দুই যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ৷

লগতে পঢ়ক: Assam youth killed in Nagaland: মৰণোত্তৰ পৰীক্ষা নহ’ল ললিত-উৎপলৰ; ৰাইজে নকৰে সৎকাৰ !

Last Updated :Sep 27, 2023, 9:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.