ETV Bharat / state

Charaideo Moidam : চৰাইদেউ মৈদাম কাৰ, শিৱসাগৰ নে চৰাইদেউ জিলাৰ ?

author img

By

Published : Mar 31, 2023, 7:39 AM IST

ঐতিহাসিক চৰাইদেউ মৈদামক লৈ টনা-আঁজোৰা আৰম্ভ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ । চৰাইদেউ মৈদামক শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত কৰাৰ চৰ্চা (chariadeo moidam location conflict) । সোণাৰিত আটাছুৰ উদ্যোগত ৰাজহুৱা সভা । চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণৰ দাবীত ৰাজহুৱা সভা ।

Charaideo Moidam
Charaideo Moidam

চৰাইদেউ মৈদামক লৈ দুই জিলাৰ টনা-আঁজোৰা

মৰাণ, ৩১ মাৰ্চ : ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে জিলাৰ সীমাকেন্দ্ৰিক বিবাদে সম্প্ৰতি চৰ্চা লাভ কৰিছে (Historic Charaideo Maidam in World Heritage Sites) । ২০১৫ চনতে চৰাইদেউ জিলা ঘোষণা হোৱাৰ পাছতো আজিলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নকৰাত সূত্ৰপাত ঘটিছে সীমাকেন্দ্ৰিক বিবাদৰ (chariadeo moidam location conflict) । প্ৰশাসনিক দুৰ্বলতাৰ বাবেই আজিলৈকে দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ।

আনহাতে, আজিলৈকে সীমা নিৰ্ধাৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামক শেহতীয়াকৈ শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে উঠি-পৰি লাগিছে একাংশ (charaideo moidam demand in sivasagar district) । ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো নিশ্চিত মীমাংসাৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে আটাছুৰ উদ্যোগত বৃহস্পতিবাৰে সোণাৰিত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা (AATASU meeting on chairaideo moidam location) ।

এই সভাত আলোচনা কৰা হয় কেনেকৈ চৰাইদেউৰ ঐতিহাসিক মৈদামসমূহ জিলাখনৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি । উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে চৰাইদেউ মৈদাম । ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই (UNESCO world heritage site to charaideo moidam) ।

পৰৱৰ্তী সময়ত এই মনোনয়ন-পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব । এই সন্দৰ্ভত ইউনেস্কোৰ তৰফৰ পৰা ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ । চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন । ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰাৰ পাছতেই কেইবাবাৰো কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্রধানে পৰিদৰ্শন কৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক ।

এতিয়া চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশত আগবঢ়ি যোৱাতৰপাছতেই ঐতিহাসিক চৰাইদেউ মৈদামক লৈ টনা-আঁজোৰা আৰম্ভ হৈছে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ।

লগতে পঢ়ক :MoU sining ceremony: ক্ৰীড়া জগতৰ উন্নয়নৰ বাবে চুক্তি স্বাক্ষৰ অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.