ETV Bharat / state

বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল

author img

By

Published : Sep 2, 2020, 12:13 PM IST

কাছাৰ আৰু নগাওঁ কাগজ কল দুটা পুনৰুজ্জীৱিত হ’ব নে চিৰদিনৰ বাবে বন্ধ হ’ব সেইয়া নিৰ্ভৰ কৰিব অহা 14 ছেপ্তেম্বৰৰ National Company Law Tribunalৰ শুনানিত ৷ এই শংকা ব্যক্ত কৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ Joint Action Committee of Recognise Union এ ৷

Silchar and Nagaon paper mill are about to shut
বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল

শিলচৰ, 2 ছেপ্তেম্বৰঃ বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল ৷ কাছাৰ আৰু নগাওঁ কাগজ কল দুটা পুনৰুজ্জীৱিত হ’ব নে চিৰদিনৰ বাবে বন্ধ হ’ব সেইয়া নিৰ্ভৰ কৰিব অহা 14 ছেপ্তেম্বৰৰ National Company Law Tribunalৰ শুনানিত ৷ যদি এই শুনানিত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইতিবাচক পৰিকল্পনা দাখিল নকৰে, তেন্তে সিদিনাৰ পৰাই বন্ধ হৈ পৰিব ৰাজ্যৰ দুটাকৈ গধুৰ উদ্যোগ ৷ এই শংকা ব্যক্ত কৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ Joint Action Committee of Recognise Union এ ৷

মানবেন্দ্ৰ চক্ৰৱৰ্তীৰ সংবাদমেল

উল্লেখ্য যে, শিলচৰত অনুস্থিত এক সংবাদমেলত ইউনিয়নৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে, বিগত 9 জুলাইত কাগজ কল দুটা পুৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰা 4141 কোটি টকাৰ কথা সংসদত লিখিতভাৱে জনাইছিল কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী অৰবিন্দ গনপট চাৱন্তে ৷ কিন্তু কেন্দ্ৰৰ পৰা এক বুজন পৰিমানৰ পুঁজি ব্যয় কৰাৰ পিছতো অসম চৰকাৰে কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰিবলৈ অসমৰ্থ হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰে ইউনিয়নৰ সভাপতিগৰাকীয়ে ৷ সেয়েহে এই 4141 কোটি টকাৰ তথ্য ৰাইজৰ আগত দাঙি ধৰিবলৈ প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ক আহ্বান জনাইছে মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷

লগতে পঢ়ক-বৰপেটাত পুনৰ আটক দুই ড্ৰাগছ ব্যৱাসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.