ETV Bharat / state

ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

author img

By

Published : Apr 22, 2021, 5:18 PM IST

ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ
ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ক'ভিড পৰীক্ষাৰ সন্মুখীন হোৱাৰ ভয়তে পলায়ন ৩০০ গৰাকী যাত্ৰীৰ । বুধবাৰৰ দিনটোত মুঠ ৬৯০ গৰাকী যাত্ৰীয়ে বিমানবন্দৰটোত অৱতৰণ কৰিছিল । তাৰ ভিতৰত ১৮৯ গৰাকী যাত্ৰীৰহে ক’ভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে ৬ গৰাকীৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

শিলচৰ,২২ এপ্ৰিল: ৰাজ্যৰ চাৰিওফালে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । তাৰ লগে লগে কঠোৰ হৈছে প্ৰশাসন তথা চৰকাৰ । স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । বিমানবন্দৰ, ৰে’ল ষ্টেচন আদিত ক'ভিড পৰীক্ষা ক্ষীপ্ৰতাৰে কৰি থকা হৈছে ।

অসম চৰকাৰে ৰাজ্যখনলৈ অহা সকলো বিমান যাত্ৰীৰ বাবে বিনামূলীয়া ৰেপিড এণ্টিজেন পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে ৷ তাৰ পিছত আৰএটিৰ প্ৰতিবেদন নিগেটিভ হ'লেও ৫০০ টকাৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হ'ব বুলি ঘোষণা কৰিছে । ইয়াৰ মাজতে শিলচৰত সংঘটিত হৈছে ৰহস্যজনক ঘটনা । শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ক'ভিডৰ পৰীক্ষা আৰম্ভ হোৱাৰ দিনটোতে বৃহস্পতিবাৰে পলায়ন কৰে ৩০০ গৰাকী যাত্ৰীয়ে ।

ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

বিমানবন্দৰটোত বুধবাৰৰ দিনটোত মুঠ ৬৯০ গৰাকী যাত্ৰীয়ে অৱতৰণ কৰিছিল । যাত্ৰীসকলক বিমানবন্দৰ আৰু ওচৰৰ টিকোল মডেল চিকিৎসালয়ত স্বাৱব পৰীক্ষা কৰাৰ কথা আছিল । তাৰ ভিতৰত ১৮৯ গৰাকী যাত্ৰীৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে ৬ গৰাকীৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । কিন্তু বাকী প্ৰায় ৩০০ যাত্ৰীয়ে ৫০০ টকাৰ বিনিময়ত পৰীক্ষা কৰাক লৈ হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰি পৰীক্ষা নকৰাকৈ পলায়ন কৰে ।

এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় জিলাখনত । আটাইকেইজন যাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰে জিলা প্ৰশাসনে । সংবাদমেলযোগে এই কথা ঘোষমা কৰে অতিৰিক্ত জিলা উপায়ুক্ত সুমিত সত্যায়নে ।

লগতে পঢ়ক: চৰাইদেউত তিনি আলফাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.