ETV Bharat / state

বিজেপি এতিয়া চোৰৰ দললৈ পৰ্যবসিত হৈছে : সুস্মিতা দেব

author img

By

Published : Dec 20, 2020, 10:23 PM IST

প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেবে কয় যে, যি সকলে এতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে তেওঁলোকে কংগ্ৰেছৰ পৰা সকলো লাভ কৰিছে ৷ এতিয়া বিজেপিৰ পৰা পোৱাৰ আশাত তালৈ গৈছে ৷ যেতিয়া বিজেপি ক্ষমতাৰ পৰা নাইকিয়া হ’ব তেতিয়া সেই সকলে বিজেপিক ভৰি দেখুৱাই তাৰ পৰা পলাব ৷

বিজেপি এতিয়া চুৰৰ দললৈ পৰ্যবেশিত হৈছেঃ সুস্মিতা দেব
বিজেপি এতিয়া চুৰৰ দললৈ পৰ্যবেশিত হৈছেঃ সুস্মিতা দেব

কাছাৰ,20 ডিচেম্বৰ : ‘‘বিজেপি এতিয়া বৃহৎ চোৰৰ দললৈ পৰ্যবসিত হৈছে ৷ অন্য দলৰ পৰা নেতা-বিধায়ক চুৰ কৰি নিয়ে বিজেপিয়ে’’ ৷ এই মন্তব্য ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ । লগতে তেওঁ কয় যে, এতিয়া লৈকে যি সকল বিজেপিত গৈছে তাৰ ভিতৰত দুই এজনক বাদ দিলে বাকী সকলৰ গুৰুত্ব নাই কিয়া হৈ পৰিছে ৷ সুস্মিতা দেবে কয় যে, অজন্তা নেওগ বা বাকী যি বিলাক বিজেপিলৈ গৈছে তেওঁ লোকো ইউজ এণ্ড থ্ৰ’ হ’ব ৷

বিজেপি এতিয়া চুৰৰ দললৈ পৰ্যবেশিত হৈছেঃ সুস্মিতা দেব

সুস্মিতা দেবে আৰু কয় যে, যি সকলে এতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে তেওঁলোকে কংগ্ৰেছৰ পৰা সকলো লাভ কৰিছে ৷ এতিয়া বিজেপিৰ পৰা পোৱাৰ আশাত তালৈ গৈছে ৷ যেতিয়া বিজেপি ক্ষমতাৰ পৰা নাই কিয়া হ’ব তেতিয়া সেই সকলে বিজেপিক ভৰি দেখুৱাই তাৰ পৰা পলাব ৷ এখন সংবাদমেল যোগে বিজেপিক কঠোৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ মৰিগাঁৱত নলা নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.