ETV Bharat / state

চিকিৎসাৰ অভাৱত কাগজ কলৰ কৰ্মচাৰীৰ অকাল মৃত্যু

author img

By

Published : Feb 9, 2021, 1:35 PM IST

৮১ লৈ বৃদ্ধি পালে কাগজ কলৰ কৰ্মচাৰীৰ মৃত্য়ুৰ সংখ্য়া । হাইলাকান্দিৰ নিৰুপম নাথ মজুমদাৰ নামৰ আন এগৰাকী কৰ্মচাৰীৰ চিকিৎসাৰ অভাৱত মৃত্য়ু হোৱাৰ অভিযোগ উঠিছে । ইয়াৰ পূৰ্বে বন্ধ হোৱা নগাঁও আৰু কাছাৰ কাগজ কলৰ ৮০ গৰাকী কৰ্মচাৰী বিনা চিকিৎসা আৰু বিভিন্ন কাৰণত মৃত্য়ু হৈছে ।

চিকিৎসাৰ অভাৱত কাগজ কলৰ কৰ্মচাৰীৰ অকাল মৃত্যু
চিকিৎসাৰ অভাৱত কাগজ কলৰ কৰ্মচাৰীৰ অকাল মৃত্যু

শিলচৰ, ৯ ফেব্ৰুৱাৰী: পুনৰ কাগজ কলৰ এগৰাকী কৰ্মচাৰীৰ অকাল মৃত্য়ু হয় । এইবাৰ চিকিৎসাৰ অভাৱত মৃত্য়ু হ'ল কাছাৰ কাগজ কলৰ কৰ্মচাৰীজনৰ । মৃত কৰ্মচাৰীজন হাইলাকান্দিৰ নিৰুপম নাথ মজুমদাৰ । ৫৫ বছৰীয়া কৰ্মচাৰীজন দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল । কৰ্মচাৰীজনৰ অকাল মৃত্য়ুৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাগজ কলৰ কৰ্মচাৰীসকলৰ মাজত ।

উল্লেখ যে কাগজ কল বন্ধ হোৱাৰ বাবে প্ৰায় ৪৯ মাহে আন কৰ্মচাৰীসকলৰ লগতে নিৰুপম নাথ মজুমদাৰেও দৰমহা পোৱা নাছিল । যাৰ বাবে ধনৰ অভাৱত তেওঁৰ সঠিক চিকিৎসা কৰিব পৰা নাছিল বুলি অভিযোগ তুলিছে কাগজ কল কৰ্মচাৰী ইউনিয়নে । ইফালে ইয়াৰ পূৰ্বে বন্ধ হোৱা নগাঁও আৰু কাছাৰ কাগজ কলৰ ৮০ গৰাকী কৰ্মচাৰী বিনা চিকিৎসা আৰু বিভিন্ন কাৰণত মৃত্য়ু হোৱাৰ পিছত এইবাৰ জাঙুৰ খাই উঠিছে কৰ্মচাৰী ইউনিয়ন জে.এ.চি.আৰ.ইউ ।

মজুমদাৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কাগজ কল দুটাৰ কৰ্মচাৰী ইউনিয়ন জে.এ.চি.আৰ.ইউয়ে ৷ ইফালে জে.এ.চি.আৰ.ইউৰ সভাপতি মানবেন্দ্ৰ চক্ৰবৰ্তীয়ে কৰ্মচাৰী সকলৰ মৃত্যুৰ বাবে চৰকাৰক দোষী সাব্য়স্ত কৰে ।

লগতে পঢ়ক:নাহৰকটীয়াত উলহ-মালহৰে উদযাপন কৰা হ’ল মেৰবিল উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.