ETV Bharat / state

কাছাৰত পৃষ্ঠা প্ৰমুখক অপমানৰ অভিযোগ

author img

By

Published : Feb 10, 2021, 8:59 AM IST

Updated : Feb 10, 2021, 10:42 AM IST

MINORITY PEOPLES LEAVE BJP MEETING IN CACHAR ASSAM ETV BHARAT NEWS
কাছাৰত পৃষ্ঠা প্ৰমুখক অপমানৰ অভিযোগ

সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে এতিয়া দুমুখীয়া স্থিতি গ্ৰহণ কৰা দেখা গৈছে ৷ দলটোৰ দুই নেতা ক্ৰমে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে সংখ্যালঘু ভোটাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিপৰীত স্থিতি ৷

কাছাৰ,10 ফেব্ৰুৱাৰী: কাছাৰৰ উদাৰবন্ধ সমষ্টিত পৃষ্ঠা প্ৰমুখ সন্মিলনত সংখ্যালঘু পৃষ্ঠা প্ৰমুখসকলক অপমানৰ অভিযোগ উত্থাপন ৷ একাংশ সংখ্যালঘু লোকক মঞ্চলৈ মাতি নিয়াৰ পিছতে সভাস্থলীৰ পৰা উভতি আহে প্ৰায় শতাধিক সংখ্যালঘু পৃষ্ঠাপ্ৰমুখ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে নিৰ্বাচনক কেন্দ্ৰ কৰি গেৰুৱা দল বিজেপিৰ বিভিন্ন প্ৰচাৰ সভা অনুষ্ঠিত হৈ আহিছে ৷ তাৰ ভিতৰত অন্যতম সভা হৈছে পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ কিন্তু দলটোৰ দুই নেতা ক্ৰমে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে সংখ্যালঘু ভোটাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিপৰীত স্থিতি ৷ মন্ত্ৰী শৰ্মাই নিৰ্বাচনত জয়ী হ’বলৈ সংখ্যালঘু ভোটাৰৰ ভোটৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰাৰ বিপৰীতে আকৌ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ মুখত সততে শুনিবলৈ পোৱা যায় সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰিবলৈ গোৱা গান ৷

সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে এতিয়া দুমুখীয়া স্থিতি গ্ৰহণ কৰা দেখা গৈছে ৷ পৃষ্ঠা প্ৰমুখ সন্মিলন মূলতঃ সমাগত নিৰ্বাচনত ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এক সভা ৷ এই সন্মিলনৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ মূলমন্ত্ৰৰ আভাষ দাঙি ধৰা হৈছে ৷ কিন্তু উদাৰবন্ধ সমষ্টিটোত দেখা যায় এক বিপৰীত দৃশ্য ৷ সংখ্যালঘু সম্প্ৰদায়ৰ পৃষ্ঠা প্ৰমুখসকলক মঞ্চলৈ নমতাত অপমানবোধ কৰি উভতি যায় ৷

লগতে চাওকঃ মহাজোঁটবন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে:সৰ্বানন্দ সোণোৱাল

Last Updated :Feb 10, 2021, 10:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.