ETV Bharat / state

শিলচৰত অনুষ্টুপীয়াকৈ ভাষা শ্বহীদ দিৱস পালন

author img

By

Published : May 19, 2020, 7:51 PM IST

bhasha-swahid-dibash-celebrated-in-silchar
শিলচৰত অনুষ্টুপীয়াকৈ ভাষা শ্বহীদ দিৱস পালন

প্ৰতি বছৰে বৰাক উপত্যকাৰ ৰাইজে আজিৰ দিনটোক ভাষা শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । কিন্তু এইবাৰ কোভিড-19 ৰ ভয়াৱহতাৰ কাৰণে অধিক লোকৰ সমাগম নোহোৱাকৈ বৰাকত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ভাষা শ্বহীদ দিৱস ৷

কাছাৰ, 19 মে' : আজি 19 মে', 1961 চনৰ আজিৰ দিনটোতেই শিলচৰ ৰে'লৱে ষ্টেচনক ভাষা শ্বহীদ ষ্টেচনৰ নামত নামাকৰণ কৰাৰ দাবীত আন্দোলন কৰিবলৈ গৈ শিলচৰৰ ৰেল ষ্টেচনত শ্বহীদ হৈছিল 11 জন লোক ৷

তাৰ পিছৰে পৰা প্ৰতি বছৰে বৰাক উপত্যকাৰ ৰাইজে আজিৰ দিনটোক ভাষা শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । কিন্তু এইবাৰ কোভিড-19 ৰ ভয়াৱহতাৰ কাৰণে অধিক লোকৰ সমাগম নোহোৱাকৈ বৰাকত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ভাষা শ্বহীদ দিৱস ৷ শিলচৰ স্মশান ঘাট ,তাৰপুৰ ৰেল ষ্টেচনৰ উপৰিও বিভিন্ন ঠাইত পালন কৰা হৈছে ভাষা শ্বহীদ দিৱস ।

শিলচৰত অনুষ্টুপীয়াকৈ ভাষা শ্বহীদ দিৱস পালন

এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম চৰকাৰ তথা ভাৰত চৰকাৰে বৰাকৰ ৰাইজৰ সমস্যা সমূহক গুৰুত্ব সহকাৰে লৈ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে বুলি মন্তব্য কৰে ৷ মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে শিলচৰৰ বিধায়ক দিলীপ পাল; উপস্থিত থাকে অঞ্চলটোৰ ৰাইজ ৷ উপস্থিত সকলোৱে লক ডাউনৰ নিৰ্দেশনাক পালন কৰি সামাজিক দূৰত্ব বজাই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷

লগতে পঢ়ক : COVID-19 ৰোগীৰ বাবে ভেন্টিলেটৰ প্ৰস্তুতি ফিটবিটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.