ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন বৰাক কংগ্ৰেছৰ

author img

By

Published : Nov 8, 2019, 6:30 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন বৰাক কংগ্ৰেছৰ

সংশোধিত নাগৰিকত্ব বিধেয়কৰ পক্ষত নিজৰ অৱস্থান স্পষ্ট কৰিছে বৰাকৰ তিনিখন জিলাৰ কংগ্ৰেছ নেতা কৰ্মীয়ে ৷ দিল্লীৰ পৰা অহা জয়ৰাম ৰমেশ, মুকুল ৱাসনিক আৰু আন আন নেতৃত্ববৃন্দক এই কথা স্পষ্ট কৰি দিয়ে শিলচৰৰ প্ৰাক্তন সাংসদ তথা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷

শিলচৰ, 8 নৱেন্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত বৰাক কংগ্ৰেছ ৷ সংশোধিত নাগৰিকত্ব বিধেয়কখনৰ পক্ষত নিজৰ অৱস্থান স্পষ্ট কৰিছে বৰাকৰ তিনিখন জিলাৰ কংগ্ৰেছ নেতৃত্বই ৷ দিল্লীৰ পৰা অহা জয়ৰাম ৰমেশ, মুকুল ৱাসনিক আৰু আন আন নেতৃত্ববৃন্দক এই কথা স্পষ্ট কৰি দিয়ে শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ তেখেতে উক্ত বিলখনত কিছুমান নতুন সংযোজনৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ সুস্মিতা দেৱে এই কথাও স্পষ্ট কৰি দিয়ে যে, প্ৰস্তাবিত এই বিলখনৰ ভিত্তি বৰ্ষ তেঁওলোকে মানি নলয় ৷ 2014 অথবা 2019ৰ ভোটাৰ তালিকাত থকা নামৰ ভিত্তিতহে নাগৰিকত্ব বিলখন সংসদত আনাৰ বাৰে দাবী উত্থাপন কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন বৰাক কংগ্ৰেছৰ
Intro:নাগৰিকত্ব বিলৰ পক্ষত বৰাক কংগ্ৰেছBody:

সংশোধিত নাগৰিকত্ব বিলৰ পক্ষত নিজৰ অবস্থান স্পষ্ট কৰিছে বৰাকৰ তিনিটা জিলাৰ কংগ্ৰেছ দলে। তেওঁ দিল্লিৰ পৰা অহা জয়ৰাম ৰমেশ, মুকুল ৱাসনিক আৰু আন নেতৃত্বক এই কথা স্পষ্ট কৰি জনাই দিছে। তেওঁ এই বিলত কেইটামান সংশোধনী আৰু সংযোজন প্ৰস্তাৱ কৰিছে। এই বোৰ কথা জনাই শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেবে কয়, এই বিলৰ যি ভিত্তিবৰ্ষ ধৰা হৈছে তেওঁ লোকে সিটো নামানে। তেওঁ ২০১৪ নহ'লে ২০১৯ৰ ভোটাৰ তালিকাত থক নামৰ ভিত্তিত নাগৰিকত্ববিল সংসদত আনিবলৈ দাবী জনাইছে। ---- বাইট

তেওঁ পিছত কয় যিসকল নিৰ্যাতনৰশিকাৰ হৈ আন দেশত প্ৰাণ ৰক্ষা কৰিবলৈ পেলাই আহিছে তেওঁ সেই দেশৰ কাগজ কেনেকৈ দেখুৱাব! ---- বাইটConclusion:এতিয়া সময় কব কি হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.