ETV Bharat / state

কাছাৰত নিৰ্বাচনোত্তৰ হিংসা: আটক তিনি

author img

By

Published : May 6, 2021, 5:12 PM IST

কাছাৰ জিলাৰ সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ ভগ্নীৰ ঘৰত আক্ৰমণ ৷ এআইইউডিএফ কৰ্মীসকলৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ ৷ আক্ৰমণত আহত আমিনুল হকৰ ভাগিন ৰুফ আহমেদ ৷ আটক কংগ্ৰেছৰ এজন প্ৰাক্তন পঞ্চায়ত সভাপতিসহ দুই এআইইউডিএফ কৰ্মী ৷

AIUDF workers attacked on Ex BJP MLA's House
কাছাৰত নিৰ্বাচনোত্তৰ হিংসা: আটক তিনি

কাছাৰ,6 মে’: নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতো কাছাৰত অব্যাহত আছে নিৰ্বাচনী হিংসা । এইবাৰ সোণাই সমষ্টিৰ নৱনিৰ্বাচিত এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ সমৰ্থকে সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ ভগ্নীৰ ঘৰত আক্ৰমণ চলোৱাৰ লগতে পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমণ চলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, আমিনুল হক লস্কৰৰ ভগ্নীৰ শিলচৰস্থিত বাসগৃহত বৃহস্পতিবাৰে হঠাৎ এআইইউডিএফৰ ২০-২৫ জনীয়া এটা দলে অস্ত্ৰ-শস্ত্ৰ লৈ আহি বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ লগতে পৰিয়ালৰ লোকৰ ওপৰতো আক্ৰমণ চলায় ৷ উক্ত আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হকৰ ভাগিন ৰুফ আহমেদ ৷

কাছাৰত নিৰ্বাচনোত্তৰ হিংসা: আটক তিনি

ইফালে উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কংগ্ৰেছৰ প্ৰাক্তন পঞ্চায়ত সভাপতিসহ দুজন এআইইউডিএফ কৰ্মীক আটক কৰে ৷ আটক হোৱা তিনিজন ক্ৰমে সোণাই সোলাবাড়িঘাটৰ প্ৰাক্তন পঞ্চায়ত সভাপতি আলতাফ হুছেইন লস্কৰ, এআইইউডিএফ কৰ্মী মাচুম বৰভূঞা আৰু ফয়জল কৰিম ৷ লগতে আৰক্ষীয়ে জব্দ কৰে আলতাফ হুছেইনৰ এখন বলেৰ’ বাহন ৷ এই ঘটনাৰ পাছতে সমগ্ৰ জিলাখনতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক: শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.