ETV Bharat / state

গৰু চুৰি ঘটনাৰ লগত গাঁওৰক্ষী বাহিনী আৰু ABMSU জড়িত !

author img

By

Published : Jun 1, 2022, 10:28 PM IST

গৰু চোৰৰ পক্ষ লৈছে গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু ABMSUৰ নেতাই ৷ এই অভিযোগ স্থানীয় লোকৰ ৷ বঙাইগাঁৱত দীৰ্ঘদিনে চলি অহা গৰু চুৰি ঘটনাৰ তদন্ত কৰিবলৈ গৈ মধ্যভোগীৰ ভুমিকা লোৱাৰ অভিযোগ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু ABMSUৰ নেতাৰ বিৰুদ্ধে (Cattle theft in Bangaigaon) ৷

Cattle theft in Bangaigaon
গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু ABMSUৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

বঙাইগাঁও, 1 জুন: গৰু চুৰিকাণ্ডৰ সন্দৰ্ভত গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু স্থানীয় ছাত্ৰনেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্থানীয় লোকৰ ৷ চোৰক সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈছে গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু ABMSUৰ নেতাৰ বিৰুদ্ধে (Bijni ABMSU alleged involves with cattle theft)৷

বঙাইগাঁৱৰ দৰকিনামাৰীত সংঘটিত হৈছে এই ঘটনা ৷ দীৰ্ঘদিনে অঞ্চলটোত সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা (Cattle thift in Bangaigaon) ৷ শেহতীয়াকৈ বিজনীৰ মাজৰাবাৰীৰ পৰা প্ৰায় ২০ টা গৰু চুৰি হয় । চুৰি হোৱা গৰুসমূহ চোৰে দৰকিনামাৰীৰ সুৰুজ আলী নামৰ কচাইৰ ওচৰত বিক্ৰী কৰাৰ পাছত নিশাৰ ভিতৰতে কচাইজনে কাটি বিক্ৰী কৰে । এই কথা গৰুৰ মালিকসকল তথা স্থানীয় লোকৰ জ্ঞাত হোৱাৰ পাছতে দুদিন পূৰ্বে কচাই সুৰুজ আলীৰ ঘৰৰ পৰাও চুৰি হোৱা গৰু উদ্ধাৰ হয় ।

গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু ABMSUৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

এই সন্দৰ্ভত স্থানীয় ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত দৰকিনামাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক আলমাচ বাদশা আৰু বিজনীৰ ABMSU ৰ কেইবাজনো নেতাই দেৱানীৰ ভুমিকা লৈ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । সেইমৰ্মে গাওঁৰক্ষী বাহিনীৰ(Village defence party in Bangaigaon) সম্পাদকৰ ঘৰত গৰুৰ মালিকসকলৰ লগতে স্থানীয় কিছু লোক উপস্থিত হয় । কিন্তু গাওঁৰক্ষী বাহিনীৰ সম্পাদক আৰু এবিএমছুৰ কৰ্মকৰ্তাসকলে ৰাইজক উপলুঙা কৰি ঘৰৰ ভিতৰতে ৰাইজমেল অনুষ্ঠিত কৰে ।

ইয়াকে লৈ গৰুৰ মালিক আৰু ৰাইজে উত্তেজনাৰ সৃষ্টি কৰে (Tense situation in Bangaigaon)। ৰাইজৰ উগ্ৰমূৰ্তি দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছাত্ৰ-সংগঠনৰ নেতৃত্বই । ইফালে গাঁওৰক্ষী বাহনীৰ সম্পাদক আলমাচ বাদশা আৰু এবিএমছুৰ নেতৃত্বই চোৰৰ পৰা মোটা অংকৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক: উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.