ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jan 1, 2023, 5:03 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam land encroached by neighbouring states: চাৰিখন ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫০ হেক্টৰ ভূমি

এফালে সীমা সমস্যাক লৈ আলোচনা চলিছে আৰু আনফালে চুবুৰীয়া ৰাজ্যই দখল কৰি গৈছে অসমৰ ভূমি । বিগত ডেৰ বছৰত মিজোৰাম, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডে অসমৰ ১৩,৭৪১ হেক্টৰ ভূমি দখল কৰিছে । অৰুণাচল প্রদেশে দখল কৰা ভূমিৰ পৰিমাণ ১৬,১৪৪ হেক্টৰ । নাগালেণ্ডে দখল কৰা ভূমিৰ পৰিমাণ ৫৯,৪৩০ হেক্টৰ । মিজোৰামে দখল কৰা ভূমিৰ পৰিমাণ ৩৬৭৫.৭৮ হেক্টৰ । মেঘালয়ে বিগত ডেৰ বছৰত নতুনকৈ দখল কৰা নাই যদিও ৰাজ্যখনৰ দখলত আছে অসমৰ ৩৪৪১.৮৬ হেক্টৰ ভূমি(Assam land encroached by neighbouring states) ।

LPG Cylinder Price Hike : নৱবৰ্ষৰ প্ৰথমটো দিনতেই 25 টকাকৈ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পালে 25 টকাকৈ ৷ বছৰৰ প্ৰথমটো দিনৰ পৰাই কাৰ্যকৰী হোৱাকৈ লোৱা হ’ল এই সিদ্ধান্ত ৷ অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে লোৱা হৈছে দামবৃদ্ধিৰ সিদ্ধান্ত (Commercial LPG cylinder price)৷ ৷

Corruption of Former Maldivian President: মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ১১ বছৰৰ কাৰাদণ্ড

ব্যক্তিগত কোম্পানীৰ পৰা ধন উৎকোচ লোৱা মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনক ১১ বছৰৰ কাৰাদণ্ড বিহা হৈছে (Former Maldives President Abdulla Yameen)। য়ামিনে প্ৰাক্তন সাংসদ য়ুচুফ নাইমৰ পৰা ১ মিলিয়ন আমেৰিকান ডলাৰ উৎকোচ গ্ৰহণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল ।

Farmers training : ধেমাজি কৃষি বিকাশ কেন্দ্ৰৰ উদ্যোগত কৃষকৰ প্ৰশিক্ষণ

ধেমাজি কৃষি বিকাশ কেন্দ্ৰৰ উদ্যোগত শনিবাৰে ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ সভাগৃহত এখন কৃষক সভা অনুষ্ঠিত হয় (Farmers training program in Dhemaji) ৷ বিশেষকৈ সৰিয়হ খেতিৰ ওপৰত কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে কৃষি বিজ্ঞানী অভিলাষা কৌশিক আৰু নিলাক্ষী ভূঞাই ৷

Driver and conductor saved Rishabh Pant: ঋষভ পণ্টৰ প্ৰাণ ৰক্ষা কৰা চালক-কণ্ডাক্টৰক সন্মান

দুৰ্ঘটনাৰ পাছতে ঋষভ পণ্টক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিছিল হাৰিয়ানা পৰিবহণ নিগমৰ এখন বাছৰ চালক আৰু কণ্ডাক্টৰে (Driver and conductor saved Rishabh Pant)। দুয়োজনকে উত্তৰাখণ্ড চৰকাৰে ২৬ জানুৱাৰীত সম্বৰ্ধনা জনাব । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই কথা ঘোষণা কৰে ।

New year 2023 : নলবাৰীত ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজকাৰীৰ ভিৰ

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন (1st day of new year 2023) । নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীৰ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰো জীপাল হৈ উঠা পৰিলক্ষিত হৈছে (Nalbari Tourist Place) ৷ অজস্ৰ বনভোজকাৰীৰ সমাগমত গীত-নৃত্যৰে জীপাল হৈ উঠিছে ব্ৰহ্মপুত্ৰৰ বালিচৰ (Picnic Parties gathered Nalbari Brahmaputra sand bank)। নতুন বৰ্ষটোক আদৰাত ব্যস্ত এতিয়া সকলো ৷

Year Ender 2022 : প্ৰতিৰক্ষা বিভাগৰ এক যুগান্তকাৰী পদক্ষেপ

২০২২ বৰ্ষটো ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ বাবে স্মৰণীয় হৈ ৰ'ব (Ministry of Defence India)। এই বৰ্ষটোত দেশৰ প্ৰতিৰক্ষা বিভাগৰ বৃহৎ সংস্কাৰৰ সূচনা কৰা হয় । তিনিটা সেৱাত নিযুক্তিৰ বাবে অগ্নিপথ আঁচনিখন জুন মাহত আৰম্ভ হয় । ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত মুকলি কৰা হয় ।

Celebration of New year2023: নতুন বছৰৰ প্ৰথমটো দিনত লোকাৰণ্য সত্ৰনগৰী মাজুলী

আজি পহিলা জানুৱাৰী (New year celebration)। চাওতে চাওতে কেলেণ্ডাৰৰ পৰা আৰু এটা বছৰে মেলানি মাগিলে ৷ এই বিশেষ দিনটোত পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা,ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৩ বৰ্ষতো আৰম্ভ কৰিছে সকলো লোকে ৷ সকলোৱে মংগল কামনাৰে বিভিন্ন মঠ-মন্দিৰ,সত্ৰ-নামঘৰত ভিৰ কৰিছে ৷ বছৰৰ প্ৰথমটো দিনটোত লোকাৰণ্য হৈ পৰিল সত্ৰ নগৰী মাজুলী (People gathering at Majuli)।

Teachers farewell in Raha: মিছামাৰী বিবেকানন্দ মধ্য ইংৰাজী বিদ্যালয়ত বিদায় সম্বৰ্ধনা

১৯৮৪ চনত নিজে স্থাপন কৰা ২নং মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়তে সহকাৰী শিক্ষক হিচাপে যোগদান কৰি ৩৮ বছৰ সেৱা আগবঢ়োৱা ধীৰেশ চন্দ্ৰ বৈশ্যৰ বিদায় সম্বৰ্ধনাত সভাত আৱেগ বিহ্বল হৈ পৰিল ছাত্ৰ-ছাত্ৰী,শিক্ষক তথা অভিভাৱকসকল । এই শিক্ষকগৰাকীৰ বিদায়ক্ষণত শনিবাৰে আয়োজন কৰিলে বিদায় সভা (Teachers Farewell meeting at Raha)।

Assam Cong MLA reactions on NRC: এন আৰ চিক লৈ ভিন্ন মতত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ

উন্নীতকৃত এন আৰ চিখন "গ্ৰহণ" কৰি "বৈধ" বুলি ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে(National Register of Citizens) ৷ ৩১ আগষ্ট, ২০১৯ ত প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাত ৩.১১ কোটি লোকৰ নাম আৰু ১৯ লাখৰো অধিক আবেদনকাৰীৰ নাম বাদ পৰিছিল যদিও প্ৰত্যাখ্যান স্লিপ 19 লাখ লোকক কিয় প্ৰদান কৰা হোৱা নাই বুলি মণ্ডলে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.