ETV Bharat / bharat

Driver and conductor saved Rishabh Pant: ঋষভ পণ্টৰ প্ৰাণ ৰক্ষা কৰা চালক-কণ্ডাক্টৰক সন্মান

author img

By

Published : Jan 1, 2023, 3:09 PM IST

Driver and conductor saved Rishabh Pant
ঋষভ পণ্টৰ প্ৰাণ ৰক্ষা কৰা চালক-কণ্ডাক্টৰক সন্মান

দুৰ্ঘটনাৰ পাছতে ঋষভ পণ্টক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিছিল হাৰিয়ানা পৰিবহণ নিগমৰ এখন বাছৰ চালক আৰু কণ্ডাক্টৰে (Driver and conductor saved Rishabh Pant)। দুয়োজনকে উত্তৰাখণ্ড চৰকাৰে ২৬ জানুৱাৰীত সম্বৰ্ধনা জনাব । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই কথা ঘোষণা কৰে ।

নেশ্যনেল ডেস্ক,১ জানুৱাৰী : শেহতীয়াকৈ উত্তৰাখণ্ডত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট (Rishabh Pant car accident)। ক্ৰিকেটাৰগৰাকীৰ দুৰ্ঘটনাৰ পাছতে চৰ্চালৈ আহিছে হাৰিয়ানা পৰিবহণ নিগমৰ এখন বাছৰ চালক আৰু কণ্ডাক্টৰ । কিয়নো দুয়োগৰাকীয়ে দুৰ্ঘটনাত পতিত ঋষভ পণ্টক উদ্ধাৰ কৰিছিল আৰু তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল । যাৰ বাবে ২৬ জানুৱাৰীত উত্তৰাখণ্ড চৰকাৰে চালক আৰু কণ্ডাক্টৰজনক সন্মান জনাব (Government will honor driver and conductor)।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই কথা ঘোষণা কৰি কয় যে দুৰ্ঘটনাটোৰ পাছতে বাছ চালক সুশীল কুমাৰ আৰু কণ্ডাক্টৰ পৰমজিতে নিজৰ জীৱনৰ কথা চিন্তা নকৰি ঋষভ পণ্টৰ প্ৰাণ ৰক্ষা কৰিছিল । মুখ্যমন্ত্ৰীয়ে কয় যে ঋষভৰ গাড়ীখন সুশীল কুমাৰ আৰু পৰমজিতৰ সন্মুখতে কেইবাবাৰো বাগৰিছিল (Uttarakhand CM on Rishabh Pant accident)। তাৰ পাছতে তেওঁলোক দুয়োজনে ঋষভক গাড়ীৰ পৰা উলিয়াই আনিছিল, যাৰ বাবে আজি ঋষভ পণ্টৰ জীৱন ৰক্ষা পৰিল ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে ঋষভ পণ্ট এতিয়া আৰোগ্য হোৱাৰ দিশে আগবাঢ়িছে । মুখ্যমন্ত্ৰী ধামীয়ে জনোৱা মতে সেয়েহে সাহসিকতাৰ পৰিচয় দিয়া চালক সুশীল কুমাৰ আৰু কণ্ডাক্টৰ পৰমজিতক উত্তৰাখণ্ড চৰকাৰে সন্মান জনোৱাৰ সিদ্ধান্ত লৈছে ।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে ২০২৩ ইংৰাজী নৱবৰ্ষৰ বাবে ৰাজ্যখনৰ সকলো নাগৰিককে শুভেচ্ছা জনাইছে (New Year greetings from Uttarakhand CM)। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সকলো নাগৰিকৰ বাবে সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰিছে । তেওঁ আশা কৰা মতে নতুন বছৰত ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ সহযোগিতাৰে ৰাজ্যখনক নতুন শিখৰতালৈ লৈ যোৱাৰ বাবে কাম কৰিব । চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ জৰিয়তে ২০২৫ চনৰ ভিতৰত উত্তৰাখণ্ডক এক শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ঋষভ পণ্টৰ X-Ray ৰিপ'ৰ্ট ভাইৰেল : মন কৰিবলগীয়া যে ঋষভ পণ্টৰ শুকুৰবাৰে পুৱা দুৰ্ঘটনাটো সংঘটিত হৈছিল । তেওঁক ৰুৰকীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । পণ্টৰ সোঁ ভৰিৰ X-Ray কৰা হৈছিল । য'ত প্ৰকাশ পাইছিল যে ঋষভ পণ্টে ভৰিত গুৰুতৰ আঘাত পাইছে ।

অৱশ্যে, ব্যক্তিগত চিকিৎসালয়ৰ দ্বাৰা কৰা X-Rayৰ ৰিপ'ৰ্ট এতিয়া ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে (Rishabh Pant X Ray report viral)। ইয়াৰ পাছতে, ঋষভক ডেৰাডুনৰ মেক্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে যোৱা সন্ধিয়া বিচিচিআইয়ে ঋষভ পণ্টৰ চিকিৎসা সম্পৰ্কে দিয়া বুলেটিনত মূৰ আৰু ভৰিৰ আঘাত সম্পৰ্কে বিতং তথ্য দিয়া হৈছিল ।

ঋষভ পণ্টে দিল্লীৰ হৈ ৰঞ্জী ট্ৰফী খেলে : ঋষভ পণ্ট উত্তৰাখণ্ডৰ বাসিন্দা । কিন্তু তেওঁ দিল্লীৰ পৰা ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল । ঋষভে দিল্লীৰ পৰা জুনিয়ৰ ক্ৰিকেট খেলিছিল । পাছত, ঋষভ পণ্টে দিল্লী ৰঞ্জী দলৰ হৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলিছিল (Rishabh Pant plays Ranji Trophy from Delhi)। সেই কাৰণেই, ডিডিচিএ অৰ্থাৎ দিল্লী জিলা ক্ৰিকেট এছ'চিয়েশ্যনৰ দলটো ঋষভৰ খবৰ ল'বলৈ ডেৰাডুনত উপস্থিত হৈছে ।

অৱশ্যে, চিকিৎসকৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ঋষভ পণ্টৰ অৱস্থা স্বাভাৱিক হৈ আছে (Health condition of Rishabh Pant)। তেওঁ চিকিৎসকসকলৰ সৈতে স্বাভাৱিকভাৱে বাৰ্তালাপ কৰি আছে । যোৱা নিশালৈকে, ঋষভ পণ্টৰ চমু অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছিল । সেয়েহে, কিছুমান ডাঙৰ অস্ত্ৰোপচাৰৰ বিষয়ে আলোচনা কৰা হৈছে । যিবোৰ বিদেশত কৰাৰ সম্ভাৱনা আছে ।

সামগ্ৰিকভাৱে, ডিডিচিএ দলটো ডেৰাডুনত উপস্থিত হোৱাৰ পাছতহে, পৰিস্থিতি স্পষ্ট হ'ব যে ঋষভ পণ্টক ডেৰাডুনত চিকিৎসা কৰা হ'ব নে তেওঁক মুম্বাই, দিল্লী বা বিদেশলৈ প্ৰেৰণ কৰা হ'ব ।

উল্লেখ্য যে দিল্লীৰ পৰা ৰুৰকীলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল । ক্ৰিকেটাৰ ঋষভ পণ্টৰ বাহনখনৰ গতি সম্পৰ্কে এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে । য'ত ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানে তেওঁক দ্ৰুত গতিত গাড়ী নচলাবলৈ পৰামৰ্শ দিছে । দুয়োজন খেলুৱৈৰ মাজত হোৱা কথোপকথনৰ ভিডিঅ'টো আই পি এলৰ সময়ৰ ।

লগতে পঢ়ক :Rishabh Pant Accident: ঋষভ পণ্টক বিমানেৰে দিল্লীলৈ নিয়াৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.