ETV Bharat / state

ভুৱা আধাৰ কাৰ্ড প্ৰস্তুতৰ অভিযোগত এজনক আটক বৰঘোলা আৰক্ষীৰ

author img

By

Published : Dec 8, 2021, 8:10 PM IST

ভুৱা আধাৰ কাৰ্ডৰ ক'লা বেহা চলোৱা এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত ১ নং চিল্লাপাৰাত(allegedly manufacturing fake Aadhaar cards) ৷ ইতিমধ্যে এই অভিযোগৰ ভিত্তিত এগৰাকী প্ৰৱঞ্চকক আটক কৰিছে বৰঘোলা আৰক্ষীয়ে(Borghola police) ৷

allegedly manufacturing fake Aadhaar cards
ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা অভিযোগত এজনক আটক

বঙাইগাঁও, 8 ডিচেম্বৰ : নকল চীল-চহীৰে ভুৱা আধাৰ কাৰ্ড(fake Aadhaar cards)ৰ ক'লা বেহা চলোৱাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত ১ নং চিল্লাপাৰাত ৷ ইতিমধ্যে এই অভিযোগৰ ভিত্তিত এজন প্ৰৱঞ্চকক আটক কৰিছে বৰঘোলা আৰক্ষীয়ে(Borghola police) ৷ উল্লেখ্য যে, আধাৰ কাৰ্ডৰ ক'লা বেহাৰ এই বিস্ফোৰক তথ্য পোহৰলৈ আহে ছানিদুল ইছলাম নামৰ বৰঘোলাৰ এগৰাকী স্থানীয় সংবাদদাতাৰ অনুসন্ধানত ৷

জানিব পৰা মতে, বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত ১ নং চিল্লাপাৰাত আই নৈৰ কাষৰ এখন বিপনীত দীৰ্ঘদিন ধৰি বে-আইনীভাৱে চলি আহিছে আধাৰ কাৰ্ড নিৰ্মাণৰ কাম(allegedly manufacturing fake Aadhaar cards) । সেই অনুসৰি এক গোপন সূত্ৰৰ পম খেদি স্থানীয় সংবাদকৰ্মী ছানিদুল ইছলামে অনুসন্ধানমূলক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত জালিয়াতিৰে আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহে ।

ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা অভিযোগত এজনক আটক

লগতে পঢ়ক: ম'ন জিলালৈ যোৱাত ৰৰৈয়া বিমান বন্দৰতেই জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ

অভিযোগ অনুসৰি, হুৰামাৰা মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিকুঞ্জ কলিতাৰ নামত ভুৱা চীল-চহী ব্যৱহাৰ কৰি আধাৰ কাৰ্ড প্ৰস্তুত কৰি লাখ লাখ টকাৰ অবৈধ বেহা চলাই আহিছিল চুলতান আলী নামৰ এজন লোকে ৷ এই তথ্য লাভ কৰা পাছতে যেতিয়া সংবাদকৰ্মীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল, তেতিয়া সংবাদকৰ্মীক লক্ষ্য কৰি আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে এই চুলতান আলীৰ বিৰুদ্ধে ৷

আনকি সংবাদকৰ্মীৰ ম'বাইল পৰ্যন্ত কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰৱঞ্চক চুলতানৰ বিৰুদ্ধে ৷ এই সমগ্ৰ বিষয়টো বৰঘোলা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে চুলতানক আটক কৰি বৰ্তমান অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, আধাৰ কাৰ্ডৰ ভেৰিফাইড বিষয়া তথা হুৰামাৰা মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিকুঞ্জ কলিতাই বৰঘোলা আৰক্ষী চকীত উপস্থিত হৈ তেওঁৰ চীল-চহী জাল হোৱা বুলি নিশ্চিত কৰে ।

লগতে পঢ়ক: Ultras Surrender in Tripura: ত্ৰিপুৰাত বিদ্ৰোহী সংগঠন NLFT(BM)ৰ কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.