ETV Bharat / state

ফটো ভাইৰেল কৰাৰ ভাবুকিৰে কিশোৰীক যৌন অতিশয্য

author img

By

Published : Jan 30, 2022, 3:02 PM IST

এগৰাকী কিশোৰীক তেওঁৰ আপত্তিজনক ফটো ভাইৰেল কৰাৰ ভাবুকিৰে যৌন আতিশয্য চলোৱাৰ লগতে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে বঙাইগাঁৱৰ এজন যুৱকৰ ওপৰত (Rape after blackmailing allegation against Bangaigaon youth) ৷ POSCO আইনৰ অধীনত অভয়াপুৰী আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷

minor-rape-at-bangaigaon-one-arrested
ফটো ভাইৰেল কৰাৰ ভাবুকিৰে ধৰ্ষণ কিশোৰীক

বঙাইগাঁও, 30 জানুৱাৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লালমাটিত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে(Minor girl rape case in Bangaigaon) । ধৰ্ষণ কাণ্ডৰ অভিযুক্ত ছলেমান খুৰছিদক(২১) ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ছলেমান খুৰছিদে বিভিন্ন ভয়-ভাবুকিৰে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অধ্যয়নৰত কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে

ফটো ভাইৰেল কৰাৰ ভাবুকিৰে ধৰ্ষণ কিশোৰীক

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লালমাটি গাঁৱৰ বাসিন্দা ছলেমান খুৰছিদে একে গাঁৱৰে কিশোৰীগৰাকীৰ আপত্তিজনক ফটো সংগ্ৰহ কৰি ভাইৰেল কৰাৰ ভাবুকিৰে দীৰ্ঘদিন ধৰি যৌন অতিশয্য চলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ ইতিমধ্যে‌ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভয়াপুৰী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছলেমান গ্ৰেপ্তাৰ কৰে ৷

অভয়াপুৰী থানাই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ 376(3) R/W sec 6 of Pocso ধাৰাৰ অধীনত 74/22 নম্বৰত অভয়াপুৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : Encounter in Patharkandi : আৰক্ষীৰ গুলীত আহত কুখ্যাত মইনা মিঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.