ETV Bharat / state

পথ মেৰামতিৰ দাবীত অভয়াপুৰীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jun 9, 2021, 10:40 PM IST

অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা-অদলাগুৰী সংযোগী গড়কাপ্তানি পথটো মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ । স্থানীয় ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে পথটো মেৰামতিৰ দাবী ৰাইজৰ ।

manikpur
পথ মেৰামতিৰ দাবীত অভয়াপুৰীত ৰাইজৰ প্ৰতিবাদ

মাণিকপুৰ,৯ জুন: বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ পোহৰলৈ আহিছে । এটা গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ ৰূপে উদঙাইছে চৰকাৰৰ বিফলতা । ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা-অদলাগুৰী সংযোগী গড়কাপ্তানি পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

পথ মেৰামতিৰ দাবীত অভয়াপুৰীত ৰাইজৰ প্ৰতিবাদ

এজাক বৰষুণতে পুখুৰী সদৃশ গাতৰ সৃষ্টি হয় পথটোত । অতি ব্যস্ততাপূৰ্ণ পথটো জৰাজীৰ্ণ হৈ থকাৰ ফলত জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে । পথটো মেৰামতিৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক বহুবাৰ আবেদন জনাইছে ৰাইজে ।

কিন্তু কোনো গুৰুত্ব নিদিয়াত অৱশেষত পথটোৰ ওপৰত স্থানীয় ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে পথটো মেৰামতিৰ বাবে মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৱ নিৰ্বাচিত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.