ETV Bharat / state

সত্ৰ-উপাসনাস্থলী সমূহক সুৰক্ষা প্ৰদানৰ দাবীৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

author img

By

Published : Sep 21, 2020, 3:02 PM IST

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল
হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

সোমবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত সত্ৰৰ লগতে, হিন্দু সকলৰ উপাসনাস্থলী সমূহক সুৰক্ষা প্ৰদান দাবীৰে এখন সংবাদমেল সম্বোধন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷

বঙাইগাঁও, 21 চেপ্তেম্বৰ: সোমবাৰে বঙাইগাঁৱৰ গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত হিন্দু যুৱ ছাত্ৰ পৰিষদ এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল খনত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই সত্ৰকে আদি কৰি হিন্দু সকলৰ উপাসনাস্থলী সমূহক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ তেওঁ উল্লেখ কৰা অনুসৰি অসমৰ বহু সত্ৰত এতিয়াও শংকৰ-মাধৱৰ বহু আপুৰুগীয়া কৃতি চিহ্ন আছে ৷ কিন্তু চৰকাৰে সেই সমূহৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইদৰে গুৰুত্বৰে সুৰক্ষা প্ৰদান নকৰাৰ অভিযোগ কৰে সভাপতি গৰাকীয়ে ৷

সত্ৰ-উপাসনাস্থলী সমূহক সুৰক্ষা প্ৰদানৰ দাবীৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

শেহতীয়াকৈ এজন বিশেষ সম্প্ৰদায়ৰ লোকে ৰপেটাৰ গণককুচিত সত্ৰৰ গুৰু আসন জ্বলাই দিছিল ৷ যাক পৰৱৰ্তী সময়ত মানসিক বিকাৰগ্ৰস্থ সজোৱা হৈছিল ৷ এনে বহু ঘটনা অসমত সংঘটিত হোৱাৰ পাচতো সেই সকল অপৰাধীক মানসিক ৰোগী সজোৱা হৈছিল বুলিও অভিযোগ কৰে সভাপতি বলেন বৈশ্যই ৷ চৰকাৰী অৱহেলাৰ বাবে অসমৰ সমূহ আপুৰুগীয়া সম্পদ যাতে নষ্ট হ'বলগীয়া নহয় সেই বিষয়েও সভাপতি গৰাকীয়ে চৰকাৰক তৎপৰ হ'বলৈ কয় সংবাদমেলযোগে ৷ সভাপতি গৰাকীয়ে ইয়াৰ লগতে, বঙাইগাঁও জিলাৰ বিষ্ণুপুৰ সত্ৰ আৰু খৰশিয়া সত্ৰৰ সুৰক্ষাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায়। বিষ্ণুপুৰ সত্ৰত গুৰুজনাই ব্যৱহাৰ কৰা আঠুৱা,পালেং, লাখুটি, পদশীলা,পাদুকা, সাঁচিপাত আদি আজিও অসুৰক্ষিত আৰু প্ৰচাৰ বিমুখ বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে । তেওঁ অসমৰ সত্ৰ সমূহক পৰ্যটনস্থলী কৰি বহল প্ৰচাৰৰ দাবীও কৰে ।

লগতে পঢ়ক: প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.