ETV Bharat / state

Crackdown on child marriage: সাৰি যাব নোৱাৰিব কোনো; বাল্যবিবাহ খাবলৈ গৈ গ্ৰেপ্তাৰ হ’ল প্ৰথমজন ব্যক্তি

author img

By

Published : Feb 10, 2023, 9:44 AM IST

বাল্যবিবাহ খাবলৈ গৈ গ্ৰেপ্তাৰ হ’ল বঙাইগাঁৱৰ এগৰাকী ব্য়ক্তি ৷ বঙাইগাঁৱৰ জহিৰ আলী মণ্ডল নামৰ লোকজনক বৃহস্পতিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Man arrested for attending child marriage) ৷ বৰ্তমানলৈকে বাল্যবিবাহ কৰা ইয়াৰ লগত জড়িত 2666 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

Crackdown on child marriage
সাৰি যাব নোৱাৰিব কোনো; বঙাইগাঁৱত বাল্যবিবাহ খাবলৈ যোৱা এজনক গ্ৰেপ্তাৰ

বঙাইগাঁও, 10 ফেব্ৰুৱাৰী: বাল্যবিবাহ খাবলৈ যোৱা লোকসকল সাৱধান হওক ৷ কাৰণ যিকোনো মূহুৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে আপুনি ৷ হয়, এইবাৰ আৰক্ষীৰ পৰা সাৰি নগ’ল বাল্যবিবাহ খাবলৈ যোৱা অতিথিও (Crackdown on child marriage) ৷

এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ গেৰুকাবাৰী নিৰীক্ষণ চকীৰ অন্তৰ্গত 2 নং সুপাৰীগুৰীত ৷ 2 নং সুপাৰীগুৰী জহিৰ আলী মণ্ডলক (40) ভতিজাকৰ বাল্যবিবাহ খাবলৈ যোৱাৰ অপৰাধত বৃহস্পতিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰিলে গেৰুকাবাৰী আৰক্ষীয়ে (Man arrested for attending child marriage) ৷ আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব জহিৰ আলী মণ্ডলক ৷

বাল্যবিবাহ খাবলৈ যোৱা জহিৰ আলী মণ্ডলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতেই অঞ্চলটোৰ লগতে সমগ্ৰ বঙাইগাঁও জিলাতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া (Child marriage in Bongaigaon) ৷ গেৰুকাবাৰী আৰক্ষীৰ এই কাণ্ডক গৰিহনাও দিছে একাংশলোকে ৷ কোন দোষী কোন নিৰ্দোষী সেয়া বিবেচনা নকৰাকৈ যিকোনো লোককে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷

উল্লেখ্য যে, বাল্যবিবাৰ সৈতে জড়িত থকা লোকসকলৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে বৰ্তমানলৈকে বাল্যবিবাহ কৰা আৰু ইয়াৰ লগত জড়িত 2666 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Anti child marriage drive in Assam) ৷ বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিক লৈ সম্প্ৰতি ৰাজ্যত অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷

সামাজিক ব্যাধি হৈ পৰা বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰো চেষ্টা কৰিছে একাংশ লোকে ৷ লগতে মুখ্যমন্ত্ৰীয়ে কেৱল চমক সৃষ্টিৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ৷ আনহাতে, চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আছিল বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছে (Reaction on anti child marriage drive) ৷

উল্লেখ্য যে, বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা অৱগত কৰিছিল যে, 2019-20 বৰ্ষৰ কেন্দ্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদন অসমৰ 23 শতাংশ কন্যাৰ বাল্যবিবাহ আৰু 11 শতাংশ কম বয়সতে মাতৃত্ব অৰ্জন (Teenage pregnant ration in Assam) কৰাৰ বাবে প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Child death ration in Assam) ৷ যাৰবাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক: Pregnant Teenager Died: আৰক্ষীৰ ভয়ত ঘৰতেই সন্তান প্ৰসৱ কৰোৱাৰ চেষ্টা; যোগীঘোপাত 16 বছৰীয়া অন্তঃসত্বাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.