ETV Bharat / state

পূজা-অৰ্চনাৰে খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা ৰাইজৰ

author img

By

Published : Aug 19, 2021, 2:17 PM IST

aai river erosion
আই নদীৰ খহনীয়া: পূজা অৰ্চনা কৰি গৰাখহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা খহনীয়াগ্ৰস্তৰ

আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বঙাইগাঁও জিলাৰ 50 খনৰো অধিক গাঁও । বিধায়ক আব্দুল বাতেন খন্দকাৰৰ নিজ গাঁৱখনতে বানৰ কবলত পৰি হাহাকাৰ পৰিৱেশ সৃষ্টি বন্যাৰ্তসকলৰ । কিন্তু খবৰ লোৱাৰ সময় নাই বিধায়কৰ ।

মাণিকপুৰ, 19 আগষ্ট : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ আই নদীৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাত মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঁশবাৰী গাঁৱৰ শ শ লোকৰ নিদ্ৰাহৰণ হৈছে । বিগত বৰ্ষৰ দৰে এইবছৰো আই নদীৰ খহনীয়াত বহু বিঘা কৃষিভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ নদীত জাহ গৈছে ।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত বালাপেট প্ৰাথমিক বিদ্যালয়খনো সম্প্ৰতি নদীৰ বুকুত জাহ গৈছে । আই নদীৰ খহনীয়াৰ কবলত পৰি সম্পূৰ্ণৰূপে নদীত জাহ যায় প্ৰায় 40 লাখ টকাৰ চৰকাৰী সম্পত্তি ৷ বিদ্যালয়খনত অধ্যয়নৰত প্ৰায় 100 জন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ এতিয়া গভীৰ অনিশ্চয়তা নামি আহিছে ।

খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা ৰাইজৰ

ইফালে যোৱা দুটা দিনত বালাপেট গাঁৱৰ 50 ৰো অধিক পৰিয়ালৰ ভেটি-মাটি নদীত জাহ গৈছে । তাকে দেখি আতংকিত নৈপৰীয়া ৰাইজে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । খহনীয়াৰ কবলত পৰি সৰ্বহাৰা হোৱা লোকসকলে এতিয়া পথতে আশ্ৰয় ল’বলগীয়া হৈছে । আনহাতে চৰকাৰ এতিয়ালৈকে খহনীয়াৰ ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

একেদৰে খবৰ ল’বলৈ আহৰি পোৱা নাই জিলা প্ৰশাসন তথা স্থানীয় সাংসদ-বিধায়কে । স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে জিলা প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত বুলি ৰাইজে অভিযোগ কৰিছে । এনে পৰিস্থিতিত চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে ভুক্তভোগীসকলে ৷ সেয়ে এতিয়া নেদেখাজনৰ ওপৰত শৰণাপন্ন হৈছে খহনীয়াগ্ৰস্ত ৰাইজ । বৃহস্পতিবাৰে পুৱা আই নদীৰ পাৰত আতংকিত ৰাইজে পূজা-অৰ্চনা কৰি খহনীয়া ৰোধ কৰিবলৈ প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক : বানৰ পূৰ্বে বোকাখাতত জাহ গ’ল কোটিটকীয়া খহনীয়া প্ৰতিৰোধী আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.