ETV Bharat / state

বঙাইগাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ দল সংগঠনৰ যৌথ সংবাদ মেল

author img

By

Published : Aug 10, 2020, 10:59 PM IST

সোমবাৰে বঙাইগাঁৱত আক্ৰাছু(হি)ৰ নেতৃত্বত কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুকেইটা দল সংগঠনৰ নেতৃত্বই যৌথভাৱে আযোজন কৰে এখন সংবাদ মেলৰ । আগন্তক বিধান সভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ, কমতাপুৰ কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ গঠন সন্দৰ্ভত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰিলে বিজেপি বিৰোধী স্থিতি লোৱাৰ হুংকাৰ দিলে সংবাদ মেলখনত ভাগ লোৱা জনগোষ্ঠীটোৰ নেতৃত্বই ।

joint Press meet of Bongaigaon Koch Rajbangshi organisations
বঙাইগাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুকেইটা দল সংগঠনৰ যৌথ সংবাদ মেল

বঙাইগাঁও,১০আগষ্ট: সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু) আৰু কোচ ৰাজবংশীৰ বিভিন্ন সংগঠনে সূদীৰ্ঘ দিন ধৰি পৃথক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে গণতান্ত্ৰিক ভাবে আন্দোলন কৰি আহিছে যদিওঁ কেন্দ্ৰ আৰু অসমত শাসন কৰি অহা পূৰ্বৰ আৰু বৰ্তমানৰ প্ৰতিখন চৰকাৰে কোচ ৰাজবংশী সকলক কৰি আহিছে চৰম প্ৰতাৰণা ৷ সোমবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এইদৰে কলে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনৰ শীৰ্ষ নেতৃত্বই ৷

বঙাইগাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুকেইটা দল সংগঠনৰ যৌথ সংবাদ মেল

সংবাদ মেলত উপস্থিত থকা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উপদেষ্টা ত্ৰিদীপ পতি সিংহ, সভাপতি ত্ৰৈলোক্য ৰায়, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি কৰ্মেশ্বৰ ৰায়, সাধাৰণ সম্পাদক জীৱেশ্বৰ ৰায়, কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে ছয় মাহৰ ভিতৰতে অসমৰ কোচ ৰাজবংশীৰ লগতে পাচঁ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা হ'ব বুলি বিভিন্ন নিৰ্বাচনী সভা, প্ৰচাৰ মাধ্যম আৰু আনকি বাতৰি কাকততো বিজ্ঞাপন দিছিল ৷

joint Press meet of Bongaigaon Koch Rajbangshi organisations
বঙাইগাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুকেইটা দল সংগঠনৰ যৌথ সংবাদ মেল

কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতে মুৰ পোলুকা মাৰি কেন্দ্ৰৰ শাসন পাচঁ বছৰ পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বই দ্বিতীয়টো কাৰ্যালত ভৰি দিলে ৷ কিন্তু কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিক ভাৱে সমাধান কৰা আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আজি পৰ্যন্ত প্ৰতিশ্ৰুতিয়ে হৈ থাকিল বুলি কৈ সংবাদ মেলখনৰ জৰিয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

২০১৯ চনৰ জানুৱাৰী মাহত খৰখেদাকৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিছিল যদিও বিধেয়কখন সংসদৰ মজিয়াত গৃহীত কৰাতো দূৰৰে কথা, আলোচনাই নকৰিলে ৷ আনকি এবছু, ট্ৰাইবেল সংঘ, জনজাতি সমন্বয়ৰক্ষী সমিতিৰ বিৰোধিতা আৰু শাসনাধিষ্ঠিত চৰকাৰৰ মিত্ৰ দল বিপিএফৰ শীৰ্ষ নেতৃত্বই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে নতুন দিল্লীলৈ গৈ তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি জনজাতিকৰণৰ বিধেয়কখনৰ তীব্ৰ বিৰোধিতাহে কৰিলে ।

joint Press meet of Bongaigaon Koch Rajbangshi organisations
বঙাইগাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুকেইটা দল সংগঠনৰ যৌথ সংবাদ মেল

ইয়াৰ পিছতেই বিষয়টো সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাচঁ জনীয়া এটা মন্ত্ৰীগোট গঠন কৰিলে ৷ মন্ত্ৰীগোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাই ১৫ দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন জমা দিয়াৰ কথা ৰাজহুৱাকৈ ব্যক্ত কৰিছিল যদিও আজি ডেৰ বছৰ পৰ্যন্ত কোনো ধৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰি সেই প্ৰতিশ্ৰুতিও ফুটুকাৰ ফেনত পৰিণত কৰিলে ৷

ইয়াৰ জৰিয়তে কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি নেতৃত্বাধীন চৰকাৰেও যে আবেগ সৃষ্টি কৰি অকল নিৰ্বাচনৰ ভোট লাভৰ বাবেই মিথ্যাচাৰৰ আশ্ৰয় লৈছে সেই কথা এতিয়া দিনৰ পোহৰৰ দৰে পৰিস্ফুট হৈ পৰিল ৷ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সংগঠন সমূহে চৰকাৰৰ প্ৰতাৰণা, বঞ্চনা আৰু মিথ্যাচাৰ বহু সহ্য কৰিলে ৷ এতিয়া আৰু এইদৰে সহ্য কৰা নহব ৷ ক'লে জনগোষ্ঠীয় সংগঠন কেইটাৰ নেতৃত্বই।

বিজেপি নেতৃত্বাধীন অসম তথা কেন্দ্ৰীয় চৰকাৰে যদিহে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উন্নয়ন বিচাৰে তেনেহ'লে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিক ভাৱে সমাধান কৰিবলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু কোচ ৰাজবংশীৰ জাতীয় সংগঠনৰ সৈতে ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনালে সংবাদমেলত ভাগ লোৱা জনগোষ্ঠীটোৰ নেতৃত্বই ৷ সেইদৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীগোটে জনজাতিকৰণৰ বাবে গঠিত ১৯৯৭ চনৰ তদানীন্তন সাংসদ অমৰ ৰায় প্ৰধানী নেতৃত্বাধীন ১৬ জনীয়া সংসদীয় বাচনি কমিটিৰ প্ৰতিবেদনক আধাৰ হিচাবে লৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰি কোচ ৰাজবংশীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা দিয়াৰ বাবে কৰিলে দাবী ৷

অন্যথা চলিত বছৰৰ চেপ্তেম্বৰ মাহৰ পৰাই কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰা, অনুসূচিত জনজাতিকৰণ দাবী আৰু বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি বিজেপি শাসিত চৰকাৰ দুখনক সকীয়াই দিলে সংবাদমেলত ভাগ লোৱা জনগোষ্ঠীটোৰ শীৰ্ষ নেতৃত্বই ৷

সোমবাৰৰ সংবাদমেলৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সংগঠন সমূহৰ শীৰ্ষ নেতৃত্বই প্ৰস্তাবিত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদত কি কি ক্ষমতা হস্তান্তৰ কৰিব, সেইসমূহ কোচ ৰাজবংশী জাতীয় সংগঠনৰে অচিৰেই আলোচনা কৰি আগন্তুক অসম বিধানসভাৰ অধিবেশনত বিধেয়ক হিচাবে গৃহীত কৰাৰ লগতে কোচ ৰাজবংশী সংগ্ৰামৰ লগত জড়িত ব্যক্তিক অন্তৰ্ভূক্ত কৰি অন্তৰ্ৱৰ্তীকালিন পৰিষদখন গঠন কৰিবলৈকো অসম চৰকাৰক জনালে দাবী ৷

সেইদৰে কংগ্ৰেছ চৰকাৰৰ দিনতে গঠন কৰা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ কাৰ্যকাল যিহেতু উকলি গৈছে, গতিকে বিটিচিৰ পৰা উপযুক্ত ব্যক্তিক উন্নয়ন পৰিষদৰ অধ্যক্ষ আৰু আন আন জিলাৰ পৰা কোচ ৰাজবংশীৰ সংগ্ৰামী সংগঠনৰ সদস্যক মনোনীত কৰি অতি শীঘ্ৰে উন্নয়ন পৰিষদখন গঠন কৰিবলৈকো অসম চৰকাৰক আহ্বান জনায় ৷ সংবাদ মেলখনত আক্ৰাছু, কোচ ৰাজবংশী যুৱ সন্মিলনী, সংগ্ৰাম সমিতি, মূল সন্মিলনী আৰু জাতীয় মহাসভাৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.