১৩ গৰাকী শিক্ষকৰ ৫ গৰাকীয়ে নাহে বিদ্যালয়লৈ

author img

By

Published : Aug 20, 2022, 6:17 PM IST

School

চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ কৰ্মত গাফিলতি (Work Culture of govt teachers of Assam)। বঙাইগাঁৱৰ এখন বিদ্যালয়ত ৰাইজৰ প্ৰতিবাদ । একেদিনাই ১৩ গৰাকী শিক্ষকৰ ভিতৰত ৫ গৰাকীয়ে উপস্থিত নাই বিদ্যালয়ত । শিক্ষকৰ অনুপস্থিতিৰ বাবে শিক্ষাৰ্থীৰ শিক্ষা আহৰণত বাধা ।

মাণিকপুৰ,২০ আগষ্ট : শেহতীয়াকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিভিন্ন বিষয়ক লৈ বিতৰ্ক অব্যাহত আছে । বহুতে সন্দেহ কৰা মতে চৰকাৰে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰ বন্ধ কৰাৰ চেষ্টা চলাইছে । আনহাতে চৰকাৰে দাবী কৰা মতে চৰকাৰী বিদ্যালয়ৰ শিক্ষাগত মান উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰৰ পদক্ষেপ হাতত লৈছে । আনকি বিদ্যালয়ত শিক্ষকসকলৰ অনুপস্থিতি সন্দৰ্ভতো কঠোৰ হোৱাৰ কথা উল্লেখ কৰিছে চৰকাৰে ।

কিন্তু ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ এখন বিদ্যালয়ত আচৰিত ঘটনা । জিলাখনৰ নাম্বাৰপাৰা মজলীয়া বিদ্যালয়ত ১৩ গৰাকী শিক্ষক আছে কিন্তু শনিবাৰে তাৰ ভিতৰত ৫ গৰাকী শিক্ষকে বিদ্যালয়ত উপস্থিত নাছিল (Irregular attendance of teachers in a school in Bongaigaon)। যাৰ বাবে স্থানীয় ৰাইজে বিদ্যালয়ত উপস্থিত হৈ প্ৰধান শিক্ষকক জবাবদিহি কৰে ।

১৩ গৰাকী শিক্ষকৰ ৫ গৰাকীয়ে নাহে বিদ্যালয়লৈ

উল্লেখ্য যে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খন । একেদিনাই বিদ্যালয়খনত ৫ গৰাকীকৈ শিক্ষক উপস্থিত নথকাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় লোকসকলে । ৰাইজৰ অভিযোগ বিদ্যালয়খনত শিক্ষকসকল নিয়মিতভাৱে উপস্থিত নাথাকে (Parents protest in Bongaigaon over teachers absence)। যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে ।

বিদ্যালয়খনত শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকল গুণগত শিক্ষাৰ পৰা বঞ্চিত হৈছে । ইফালে প্ৰধান শিক্ষকগৰাকীয়ে সহকাৰী শিক্ষকসকলক নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়াৰ পিছতো শিক্ষকসকল বিদ্যালয়ত উপস্থিত নাথাকে ।

জানিব পৰা মতে এগৰাকী শিক্ষকে বিদ্যালয়ত উপস্থিত হৈ চহী কৰিয়েই গুচি যায় । কেৱল এয়াই নহয় বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মধ্যাহ্ন ভোজনো নিয়মিতভাৱে নিদিয়ে বুলি অভিভাৱকসকলে অভিযোগ কৰে । সেয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শিক্ষকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অভিভাৱকসকলে ।

লগতে পঢ়ক :ৰাজ্যৰ ৪৫৯ জন হিতাধিকাৰীৰ অৰুণোদয় আঁচনি ত্যাগ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.