ETV Bharat / state

ৰাজ্যৰ ৪৫৯ জন হিতাধিকাৰীৰ অৰুণোদয় আঁচনি ত্যাগ

author img

By

Published : Aug 20, 2022, 2:25 PM IST

Updated : Aug 20, 2022, 2:56 PM IST

CM
CM

অৰুণোদয় মাহৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে আজিলৈকে অৰুণোদয় আঁচনি ত্যাগ কৰাৰ বাবে ৫৬৩ জন হিতাধিকাৰীয়ে আবেদন কৰিছে (563 beneficiaries applied for quitting Arunodaya scheme) । ইয়াৰে ৪৫৯ জন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি ত্যাগৰ বাবে কৰা আবেদন গ্ৰহণ কৰা হৈছে (459 beneficiaries quit Arunodaya scheme) ।

গুৱাহাটী, ২০ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ জনতা ভৱনত শনিবাৰে অৰুণোদয় মাহৰ কাৰ্যসূচী উদ্বোধন কৰে (CM Himanta Biswa Sarma inaugurated Arunodaya Month) । এই কাৰ্যসূচী অহা ১০ অক্টোবৰলৈ চলিব । উক্ত কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অৰুণোদয় মাহৰ কাৰ্যসূচীৰ ভিতৰত নতুনকৈ 6 লাখ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব (Arunodaya month inaugurated at Dispur Janata Bhavan) ।

ৰাজ্যৰ ৪৫৯ জন হিতাধিকাৰীৰ অৰুণোদয় আঁচনি ত্যাগ

ইতিমধ্যে ৰাজ্যৰ 20 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে (20 lakh families availing benefits of Arunodaya Scheme) । অহা ১০ অক্টোবৰৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীক 1000 টকাৰ ঠাইত 1250 টকাকৈ মাহিলি দিয়া হ'ব । বৃদ্ধি কৰা 250 টকা বিদুতৰ বিল পৰিশোধ কৰাৰ বাবে দিয়া হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ।

তেওঁ লগতে কয় যে অৰুণোদয় মাহৰ কাৰ্যসূচীৰ ভিতৰত যিসকল হিতাধিকাৰীৰ পৰিয়ালত চৰকাৰী চাকৰি পাইছে তেওঁলোকে এই আঁচনি ত্যাগ কৰিব লাগিব । এই বিষয়ে কিছুদিন পূৰ্বে ৰাইজক আবোদন জনোৱা হৈছিল । তেওঁ কয়, অৰুণোদয় মাহৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে আজিলৈকে অৰুণোদয় আঁচনি ত্যাগ কৰাৰ বাবে ৫৬৩ জন হিতাধিকাৰীয়ে আবেদন কৰিছে (563 beneficiaries applied for quitting Arunodaya scheme) ।

ইয়াৰে ৪৫৯ জন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি ত্যাগৰ বাবে কৰা আবেদন গ্ৰহণ কৰা হৈছে (459 beneficiaries quit Arunodaya scheme) । তেওঁ জনায় যে অৰুণোদয় মাহৰ কাৰ্যসূচী অনুযায়ী অহা এমাহজুৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ঘৰে ঘৰে এন চি চি (NCC) আৰু এন এছ এছৰ সদস্যসকল যাব । তেওঁলোকে হিতাধিকাৰীৰ সকলো তথ্য সংগ্ৰহ কৰিব ।

অযোগ্য হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব । এক মোবাইল এপৰ জৰিয়তে লগে লগে তেওঁলোকে এই ব্যৱস্থা কৰিব । এমাহৰ ভিতৰত এই ব্যৱস্থা কৰা হ'ব । তাৰ পিছত অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ ঘৰত চৰকাৰী ফলক আঁৰি দিয়া হ'ব ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সহায় লাগে মাজুলীৰ এটা পৰিয়ালক

Last Updated :Aug 20, 2022, 2:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.