ETV Bharat / state

Assam erosion news:মানাহ নৈৰ বুকুত বিলীন হোৱাৰ দিশে মেৰেৰচৰ-ডুবাচুৰী গাঁও

author img

By

Published : Jun 24, 2023, 4:56 PM IST

Assam erosion news
মানাহ নৈৰ কালৰূপ

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মেৰেৰচৰ-ডুবাচুৰীত মানাহ নৈৰ কালৰূপ। দুইখন গাঁও মানাহ নৈৰ বুকুত বিলীন হোৱাৰ দিশে ৷

মানাহ নৈৰ কালৰূপ

বঙাইগাঁও, 24 জুন : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মেৰেৰচৰ-ডুবাচুৰীত মানাহ নৈৰ কালৰূপ ৷ মানাহ নৈৰ বুকুত বিলীন হোৱাৰ দিশে সম্পূৰ্ণ মেৰেৰচৰ-ডুবাচুৰী গাওঁ । ঘোৰ অমানিশা নমাৰ ভয়ত আতংকিত মেৰেৰচৰ-ডুবাচাৰী গাঁৱবাসী। খহনীয়াত ইতিমধ্যে জাহ গৈছে শ শ বিঘা কৃষি ভূমিৰ লগতে বাসগৃহ ৷

এই‌ দৃশ্য বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুবাচৰী গাঁৱৰ । প্ৰতি বছৰৰ দৰে এইবেলিও ভূতৰ ওপৰত দানৱ পৰা দি অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ মেৰেৰচৰ-ডুবাচুৰী গাঁৱত আৰম্ভ হৈছে মানাহ নৈৰ তীব্ৰ গৰাখহনীয়া । ঘৰ-দুৱাৰ, মাটি-সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক । ইতিমধ্যে মানাহ নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি মেৰেৰচৰ-ডুবাচুৰী গাঁৱৰ অধিকাংশ উটুৱাই লৈ গৈছে ।

বিগত বছৰ বছৰ ধৰি মানাহ নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত বহু লোক ঘৰ বাৰী এৰি আন ঠাইলৈ যাব লগীয়া হৈছে । এইবেলি মেৰেৰচৰ-ডুবাচুৰী গাঁৱৰ অস্তিত্ব নোহোৱা হোৱাৰ লগতে চিকিৎসালয়, শিক্ষানুষ্ঠান, মছজিদ আদিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে । এতিয়ালৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়েই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই ।

বিগত কেইমাহমানৰ পূৰ্বে ২ কোটিটকীয়া মানাহ নদীৰ খহনীয়া প্ৰতিৰোধ আচঁনিৰ‌ কাম হাতত লয় যদিও সেই আঁচনি এতিয়া মানাহ নৈৰ বুকুত । কিয়নো উক্ত আচঁনিৰ অধীনত সম্পাদন হোৱা জিঅ’ বেগ আজি নৈৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে । বৰ্তমান জলসম্পদ বিভাগ ধনসম্পদ বিভাগলৈ পৰিণত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰে ধন লুটি-পুটি খাই জিঅ’ বেগৰ সলনি পলিষ্টাৰ বেগ ব্যৱহাৰ কৰাৰ বাবে বেগসমূহ মানাহ নৈৰ বুকুত জাহ যোৱাৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক : Flood in Barpeta: ভূটানৰ পানীয়ে ভাঙিলে কালভাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.