ETV Bharat / state

আৰক্ষীৰ জালত মুখ্যমন্ত্ৰীৰ পাৰ্ছনেল এডভাইজাৰ বুলি পৰিচয় দিয়া এটা প্ৰবঞ্চক

author img

By

Published : Oct 12, 2021, 9:12 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্ছনেল ফাইনেঞ্চিয়েল এডভাইজৰ বুলি পৰিচয় দিয়া এটা প্ৰবঞ্চক আৰক্ষীৰ জালত পৰিছে ৷ গুৱাহাটীৰ লখিমী নগৰত প্ৰবঞ্চকটোৰ ঘৰ বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰীৰ পাৰ্ছনেল এডভাইজাৰ বুলি পৰিচয় দিয়া এটা প্ৰবঞ্চক আৰক্ষীৰ জালত
মুখ্যমন্ত্ৰীৰ পাৰ্ছনেল এডভাইজাৰ বুলি পৰিচয় দিয়া এটা প্ৰবঞ্চক আৰক্ষীৰ জালত

মানিকপুৰ,12 অক্টোবৰ : বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অদলাগুৰিৰ পৰা আৰক্ষীয়ে এজন প্ৰৱঞ্চকক আটক কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্ছনেল ফাইনেঞ্চিয়েল এডভাইজৰ বুলি পৰিচয় দিয়া এইজন প্ৰবঞ্চকৰ নাম জিতেন্দ্ৰ নাথ । তেওঁৰ ঘৰ গুৱাহাটীৰ লখিমী নগৰত । এবছৰ পূৰ্বে প্ৰৱঞ্চকজনে অদলাগুৰিৰ নবীন চন্দ্ৰ ৰায়ৰ ছোৱালীৰ লগত বিবাহ পাশত আবদ্ধ হয় ৷ তাৰ পিছৰ পৰাই নবীন চন্দ্ৰ ৰায় পৰা বিভিন্ন ভয় ভাবুকি দেখুৱাই টকা লুটি নিয়া আৰম্ভ কৰে ।

মুখ্যমন্ত্ৰীৰ পাৰ্ছনেল এডভাইজাৰ বুলি পৰিচয় দিয়া এটা প্ৰবঞ্চক আৰক্ষীৰ জালত

ৰায়ে মানিকপুৰ থানাত তৰা গোচৰত উল্লেখ কৰা মতে ইতিমধ্যে ৭ লাখ টকা আৰু এখন বেলেনো গাড়ী হস্তগত কৰিছে এই প্ৰৱঞ্চকে । চাকৰি দিয়াৰ নামতো মানিকপুৰ অঞ্চলৰ পৰা লাখ লাখ টকা লুটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীয়ে আটক কৰাৰ পিছত এইজন প্ৰৱঞ্চকৰ পৰা বিজেপিৰ দলীয় পৰিচয় পত্ৰ আৰু উকা চেক বুক উদ্ধাৰ কৰে ।

উল্লেখ্য যে পৰিচয় পত্ৰ খনত মানিকপুৰ হাস্পতালৰ ঠিকনা পোৱা গৈছে । প্ৰৱঞ্চকজনৰ বিৰুদ্ধে মানিকপুৰ আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হৈ আছে আৰু এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰৱঞ্চকজনক জেল হাজতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়কঃ লখিমপুৰৰ নিহত কৃষকৰ বাবে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.