লখিমপুৰৰ নিহত কৃষকৰ বাবে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Oct 12, 2021, 5:06 PM IST

thumbnail

সংযুক্ত কৃষাণ মৰ্চাৰ আহ্বান মৰ্মে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো কামৰূপ জিলা কৃষক সভাই ৰঙিয়াত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । ৰঙিয়াৰ হাইৱে চ’কত কৃষক শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । উত্তৰ প্ৰদেশৰ লখিমপুৰত নিহত কৃষক সকলৰ প্ৰতিচ্ছবিত চাকি জ্বলাই পুস্পাঞ্জলিৰে শ্ৰদ্ধা জনায় কৃষক সভাৰ কৰ্মীসকলে । এই উপলক্ষে আয়োজিত পথসভাত মন্ত্ৰীৰ পূত্ৰৰ কু-কাণ্ডক তীব্ৰ গৰিহণা দিয়ে । বিজেপি চৰকাৰৰ দিনত মানুহৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱা বুলিও সমালোচনা কৰে কৰ্মীসকলে । দুৰ্ঘটনাত আহত সকলৰ আশু আৰোগ্য কামনা কৰে কৃষক সভাৰ কৰ্মীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.