Bongaigaon Sahitya Sabha: ৰোহিনী কুমাৰ চৌধুৰী বঙাইগাঁও সাহিত্য সভাৰ নতুন সভাপতি

author img

By

Published : Dec 18, 2022, 6:23 PM IST

Bongaigaon Sahitya Sabha

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰোহিনী কুমাৰ চৌধুৰী নিৰ্বাচিত হ’ল বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে ৷ লগতে, উপ-সভাপতি আৰু সম্পাদক হিচাপে ক্ৰমে ভৱেশ্বৰ ৰাভা আৰু মনোৰঞ্জন দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিবাৰ্চিত হয় ৷

বঙাইগাঁও, 18ডিচেম্বৰ: বঙাইগাঁও জিলা সাহিত্য সভাৰ(Bongaigaon Sahitya Sabha) সভাপতি হিচাপে নিৰ্বাচিন হ’ল ৰোহিনী কুমাৰ চৌধুৰী(Rohini Kumar Chaudhary) ৷ নৱ নিৰ্বাচিত সভাপতি ৰোহিনী কুমাৰ চৌধুৰী অসম অসামৰিক সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া ৷ লেখক,সাহিত্যিক, গল্পকাৰ আৰু সংগীত শিল্পী হিচাপেও পৰিচিও ৰোহিনী কুমাৰ চৌধুৰী ৷

দেওবাৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ পূৰ্ণাঙ্গ কাৰ্যনিবাহক সভাৰ বৈঠকত অনুষ্ঠিত ভোট গ্ৰহণৰ পিছতে সভাপতি হিচাপে নিৰ্বাচিত হয় ৰোহিনী কুমাৰ চৌধুৰী ৷ 1955 চনত বঙাইগাঁৱৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ সোণাখুলি (দহলাপাৰা) গাঁৱত জন্ম গ্ৰহণ কৰা চৌধুৰীয়ে নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1986 চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

পৰৱৰ্তী পৰ্যায়ত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ক্ৰমে গোঁসাইগাঁৱত নিবাৰ্চনী বিষয়া, বঙাইগাঁও আৰু বইটামাৰীত চক্ৰ বিষয়া, মাজুলী আৰু দক্ষিণ শালামাৰাৰ মহকুমাধিপতি, ৰাজহ আৰু গৃহ বিভাগৰ অৱৰ সচিব, দক্ষিণ শালমাৰাৰ মহকুমাধিপতি, গোৱালপাৰা, কামৰূপ আৰু বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে সেৱা কাৰ্যনিৰ্বাহ কৰে ৷

শেষত অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ সঞ্চালক তথা যুটীয়া সচিব হিচাপে 2015 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ চাকৰিৰ সময়চোৱাতে চৌধুৰীয়ে ৰাজ্যৰ কেইবাখনো কাকত-আলোচনীত চুটিগল্প আৰু অন্যান্য লেখাৰে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল ৷ 2005 চনত ‘স্মিতা যোশীৰ সন্ধানত’ নামৰ এখন চুটি গল্প সংকলন লিখি উলিওৱাৰ লগতে 2019 চনত ‘এটকা মহন্তৰ স্থান মাজুলী’ শীৰ্ষক ভ্ৰমণ টোকাৰ লগতে বিভিন্ন সময়ত বহু কেইখন গ্ৰন্থ প্ৰকাশ কৰে ৷

আনহাতে বঙাইগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি আৰু সম্পাদক হিচাপে ক্ৰমে ভৱেশ্বৰ ৰাভা(Bhabeswar Rabha) আৰু মনোৰঞ্জন দাস(Monoranjan Das) বিনা প্ৰতিদ্বন্দ্বিতাৰে নিবাৰ্চিত হয় ৷

লগতে পঢ়ক: Advantage Assam: ঔদ্যোগিক পৰিৱেশ গঢ়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.