ETV Bharat / state

চিকিৎসাৰ অভাৱত আইচিইউত মৃত্যু ডেৰমহীয়া শিশুৰ

author img

By

Published : Jan 24, 2020, 11:44 PM IST

বৃহস্পতিবাৰে ধুবুৰী জিলাৰ সাপটগ্ৰামৰ পৰিয়াল এটাই নিজৰ অসুস্থ ডেৰমহীয়া শিশুটিক ভৰ্তি কৰায় চিকিৎসালয়খনত ৷ চিকিৎসালয় কতৃপক্ষই ততাতৈয়াকৈ শিশুটিক আইচিইউত ৰখাৰ ব্যৱস্থা কৰে যদিও চিকিৎসকৰ অভাৱত নিশা ন মান বজাতহে শিশুটোৰ চিকিৎসা আৰম্ভ কৰে ৷ আনহাতে শুকুৰবাৰে পূৱাৰ ভাগতে চিকিৎসকগৰাকী গুৱাহাটীলৈ যোৱাত উন্নত চিকিৎসাৰ অভাৱত মৃত্যু হয় শিশুটিৰ ৷

Bongaigaon child die in Lake of treatment
চিকিৎসাৰ অভাৱত আইচিইউত মৃত্যু ডেৰমহীয়া শিশুৰ

বঙাইগাঁও,24 জানুৱাৰীঃ বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত আৰোগ্য হাস্পতাল এণ্ড ৰিছাৰ্চ চেন্টাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ চিকিৎসাৰ নামত ব্যৱসায় চলোৱাৰ অভিযোগ হাস্পতাল কতৃপক্ষৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ধুবুৰী জিলাৰ সাপটগ্ৰামৰ পৰিয়াল এটাই নিজৰ অসুস্থ ডেৰমহীয়া শিশুটিক ভৰ্তি কৰায় চিকিৎসালয়খনত ৷ চিকিৎসালয় কতৃপক্ষই ততাতৈয়াকৈ শিশুটিক আইচিইউত ৰখাৰ ব্যৱস্থা কৰে যদিও চিকিৎসকৰ অভাৱত নিশা ন মান বজাতহে শিশুটোৰ চিকিৎসা আৰম্ভ কৰে ৷ আনহাতে শুকুৰবাৰে পুৱাৰ ভাগতে চিকিৎসকগৰাকী গুৱাহাটীলৈ যোৱাত উন্নত চিকিৎসাৰ অভাৱত মৃত্যু হয় শিশুটিৰ ৷

চিকিৎসাৰ অভাৱত আইচিইউত মৃত্যু ডেৰমহীয়া শিশুৰ

শিশুটিৰ অভিভাৱকে কি বিভাগৰ চিকিৎসক বুলি সোধা প্ৰশ্নত পলাবলৈ চেষ্টা কৰে ব্যক্তিগৰাকীয়ে ৷ আনহাতে, শিশুটিৰ পিতৃক চিকিৎসালয়ৰ চিকিউৰিটিয়ে শাৰীৰিক ভাৱে অপদস্ত কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক-বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ বিৰুদ্ধে সৰৱ ধিঙৰ এ আই ইউ ডি এফৰ নেতা কৰ্মী

Intro:বঙাইগাঁৰ আৰোগ্য হস্পিটেলত এণ্ড ৰিচাৰ্চ চেন্টাৰে চিকিৎসাৰ নামত চলাইচে ভয়ংকৰ ব্যৱসায় ।
চিকিৎসক অবিহনে আইচিউত ৰাখিলে ডেৰমহীয়া শিশুক । চিকিৎসাৰ অভাৱত মৃত্যু ডেৰমহীয়া শিশুটিৰ ।



Body:বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত আৰগ্য হস্পিটেলত এণ্ড ৰিছাৰ্চ চেন্টাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । বৃহস্পতিবাৰে ধুবুৰী জিলাৰ সাপটগ্ৰামৰ পৰিয়াল এটাই বৃহস্পতিবাৰে দুপৰীয়া অসুস্থ ডেৰমহীয়া শিশুক ভৰ্তি কৰায় চিকিৎসালয়ত আৰু চিকিৎসালয় কতৃপক্ষই আইচিউত শিশুটিক ৰখাৰ ব্যৱস্থা কৰে । কিন্তু আইচিউত ৰখাৰ পিছত চিকিৎসকৰ অভাৱত নিশা ন মান বজাত হে চিকিৎসা আৰম্ভ কৰে শিশুটিক । শুক্ৰবাৰে পূৱা চিকিৎসক গৰাকী গুৱাহাটীলৈ যোৱাত আইচিউত উন্নত চিকিৎসাৰ অভাৱত মৃত্যু হয় শিশুটি ।

বাইট _ ৰিংকু কলিতা । পিতৃ
বাইট _ চিকিৎসালয় কতৃপক্ষ।


Conclusion:চিকিৎসালয় পৰা নিজামুদ্দিন আহমেদ নামৰ চিকিৎসক এজন নিয়োগ কৰে যদিও সেয়া MBBS পৰ্য্যায়ৰ নহয় আৰু শিশুটিৰ অভিভাৱকে কি বিভাগৰ চিকিৎসক প্ৰশ্ন কৰাত পলাবলৈ চেষ্টা কৰে আৰু নাম জনোৱাৰ পৰা বিৰত থাকে । শিশুটিৰ পিতৃক চিকিৎসালয়ৰ চিকিউৰিটিয়ে শাৰীৰিক ভাবে অপদস্ত কৰাৰ অভিযোগ । চিকিৎসালয় কতৃপক্ষৰ হেমাহিৰ বাবে শিশুটিৰ মৃত্যু হ'ল বুলি অভিযোগ পিতৃৰ । শিশুটিৰ মৃত্যুৰ পিছত দায়শৰা মন্তব্য চিকিৎসালয় কতৃপক্ষৰ ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.