ETV Bharat / state

বঙাইগাঁৱত বিজেপিৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

author img

By

Published : Feb 27, 2021, 10:21 AM IST

Updated : Mar 2, 2021, 12:35 PM IST

বঙাইগাঁৱত বিজেপিৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি
বঙাইগাঁৱত বিজেপিৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিত বিজেপি দলে প্ৰাৰ্থিত্ব দিব নে নাই সেই কথা স্পষ্ট কৰিব পৰা নাই গেৰুৱা দলটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী অজয় জামোৱাল আৰু অসমৰ সহকাৰী প্ৰভাৰী পৱন শৰ্মাই । ইফালে বঙাইগাঁৱত বিজেপিয়ে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷

বঙাইগাঁও,27 ফেব্ৰুৱাৰীঃ আগন্তুক অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বঙাইগাঁও যুৱ সেৱা ভৱনত অনুষ্ঠিত হৈছে বিজেপিৰ সভা । বঙাইগাঁও জিলাৰ তিনিটা সমষ্টিৰ প্ৰতিনিধিৰে পূৰ্ণ এই সভাত উপস্থিত আছিল দলটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী অজয় জামৱাল আৰু বিজেপিৰ ৰাজ্যিক প্রভাৰী পৱন শৰ্মা, বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰী আদি ৷

বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিত বিজেপি দলে প্ৰাৰ্থিত্ব দিব নে নাই সেই কথা স্পষ্ট কৰিব পৰা নাই গেৰুৱা দলটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী অজয় জামোৱাল আৰু অসমৰ সহকাৰী প্ৰভাৰী পৱন শৰ্মাই । ইফালে দলটোৱে বিগত কেইদিনমানৰ পৰা ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ কিন্তু সম্প্ৰতি দলটোৰ প্ৰাৰ্থী বঙাইগাঁও আৰু জিলাখনৰ আন দুটা সমষ্টিত নাই বুলিয়েই ধৰিব পাৰি । গতিকে গেৰুৱা দলটোৰ প্ৰচাৰে মিত্ৰদল অসম গণ পৰিষদক যে প্ৰত্যক্ষভাৱে সহায় কৰিব, সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

সমাগত বিধানসভা নিৰ্বাচন সম্পৰ্কে শুকুৰবাৰে বঙাইগাঁও চহৰৰ মাৰোৱাৰী যুৱ মঞ্চত অনুষ্ঠিত জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ ক’ৰ কমিটি অৰ্থাৎ দলটোৰ মূল সমিতিৰ কৰ্মীসকলক লৈ এখন সভা অনুষ্ঠিত কৰে দলটোৰ দুয়োগৰাকী প্ৰভাৰীয়ে ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated :Mar 2, 2021, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.